সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছৰ আতংক অব্যাহত আছে ৷ অসমতো কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪২ জনলৈ ৷ সম্প্ৰতি কৰ’না ভাইৰাছত চিকিৎসাধীন হৈ আছে ১৯ জন লোক । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে কৰ’না ভাইৰাছৰ শিকলিডাল চিঙিবলৈ জনসাধাৰণক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ কৰিছে ৷
এই সময়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে কিছুমান আবেদন জাৰি কৰিছে ৷ আনহাতে ক’ভিড ১৯ ৰ সন্দৰ্ভত যিকোনো পৰীক্ষা কৰিবলৈ কামৰূপ মহানগৰ প্ৰশাসন আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে মহানগৰীৰ বিভিন্ন স্থানত কৰ’না ভাইৰাছ কেয়াৰ চেন্টাৰ সাজু কৰিছে। কামৰূপ মহানগৰ প্ৰশাসনে চিকিৎসাত ব্যস্ত হৈ থকা চিকিৎসকসকলক আৰু স্বাস্থ্যকৰ্মীসকলক “ক’ভিড কেয়াৰ চেন্টাৰ’আৰু ডেডিকেট ক’ভিড হেল্থ কেয়াৰ চেন্টাৰত নাম পঞ্জীয়ন কৰিবলৈ আহ্বান কৰিছে । লগতে এই ক্ষেত্ৰত উৎসুক ব্যক্তিয়ে ৯৪৩৫১৯৭১৭০ নম্বৰত যোগাযোগ কৰিব পাৰে ।
ReplyForward |
ADVERTISEMENT






























