ৰিজনেল ইনষ্টিটিউট অৱ লাইভষ্টক এণ্টাৰপ্ৰিনিউৰশ্বিপ এণ্ড মেনেজমেণ্ট পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

EXLDlsMU8AAdMbI

ৰাজ্যৰ গাহৰি পালকসকলে সন্মুখীন হোৱা সমস্যা নিৰাময়ৰ সম্পৰ্কত আই চি এ আৰ আৰু ৰিজনেল ইনষ্টিটিউট অৱ লাইভষ্টক এণ্টাৰপ্ৰিনিউৰশ্বিপ এণ্ড মেনেজমেণ্টৰ চিকিৎসসকলৰ সৈতে বিস্তৃত আলোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

◆ পশু চিকিৎসক সকলৰ লগতে বিভাগৰ বিভিন্ন বিষয়া বৰ্গক ৰাজ্যখনৰ গাহৰি পালন কৰা ক্ষেত্ৰ সমূহৰ সম্পূৰ্ণ পৰিষ্কাৰ পৰিচ্ছন্নতা তথা বীজাণুমুক্তকৰণৰ নিশ্চিত পদক্ষেপ ল’বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

◆ পশু চিকিৎসা আৰু পশু পালন বিভাগক সমগ্র ৰাজ্যজুৰি এই ৰোগ নিয়ন্ত্ৰণৰ দিশত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

◆ ৰাজ্যখনৰ গাহৰি পালনৰ লগত জড়িত গাহৰি পালকৰ সম্পূৰ্ণ তথ্যৰ লগতে তেওঁলোকৰ বিত্তীয় দায়বদ্ধতাৰ তথ্য আহৰণৰ বাবেও বিভাগক নিৰ্দেশ ।

◆ ৰিজনেল ইনষ্টিটিউট অৱ লাইভষ্টক এণ্টাৰপ্ৰিনিউৰশ্বিপ এণ্ড মেনেজমেণ্টৰ দক্ষতা উন্নয়নৰ কাৰ্যসূচীৰ বুজ লোৱাৰ লগতে এই প্ৰশিক্ষণত যাতে অধিক উদ্যোগীক জড়িত কৰিব পৰা যায়, তাৰ বাবে পদক্ষেপ ল’বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

◆ ৰাজ্যিক চিৰিয়াখানাকে ধৰি বিভিন্ন অভয়াৰণ্যসমূহৰ বন্যপ্ৰাণী সমূহৰ স্বাস্থ্য পৰীক্ষাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ ।

Exit mobile version