কৰ’না ভাইৰাছে সমগ্ৰ বিশ্ববাসীৰ বাবে ত্ৰাসৰ সঞ্চাৰ কৰাৰ বিপৰীতে যথেষ্ট পৰিমাণে সকাহ দিছে প্ৰকৃতিক ।পৰিৱেশ আৰু প্ৰাণী জগতৰ বাবে যেন ই শাপেই বৰ হৈছে।এই কৰ’না সংকটৰ প্ৰকোপতে প্ৰাণৰক্ষা পৰিছে হেজাৰ হেজাৰ তিমি মাছৰ ।বিগত কিছু দিনত জাপানত তিমি মাছৰ মাংস বিক্ৰী অভিলেখ হাৰত হ্ৰাস পাইছে ।
লগতে তিমি মাছৰ মাংস প্ৰক্ৰিয়াজাত কৰাৰ ক্ষেত্ৰতো সমস্যাই দেখা দিছে ।ফলত হ্ৰাস পাইছে তিমিৰ চিকাৰো। উল্লেখ্য যে জাপান আৰু আইচলেণ্ডৰ মৎস্য চিকাৰীয়ে প্ৰচুৰ পৰিমাণে তিমি মাছ চিকাৰ কৰি আহিছে।কিন্ত কৰ’না সন্ত্ৰাসৰ বাবেই সম্প্ৰতি আইচলেণ্ডৰ দুটা কোম্পানীৰ ভিতৰত এটাই তিমি মাছৰ চিকাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিছে।কিয়নো চৰকাৰী নিষেধাজ্ঞাৰ বাবে উপকূলৰ পৰা বহু দূৰলৈ গৈ তিমি মাছ চিকাৰ কৰিবলগীয়া হয়।আইচলেণ্ডে তিমি মাছ চিকাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত জাপানেও এই কার্য নিষিদ্ধ কৰে ।
অৱশ্যে জাপান চৰকাৰে নিজৰ তিমি চিকাৰী সকলক ক্ষতিপূৰণ দিবলৈ আৰম্ভ কৰিছে ।উল্লেখ্য যে আইচলেণ্ডত বহু বছৰ ধৰি তিমিৰ চিকাৰ বন্ধ আছিল ।কিন্ত ২০০৩ ৰ পৰা পুনৰ ‘বৈজ্ঞানিক স্বাৰ্থ’দেখুৱাই দেশ খনে তিমি চিকাৰ আৰম্ভ কৰে ।বাণিজ্যিক স্বাৰ্থত ব্যাপক ভাৱে চিকাৰ কৰাৰ ফলত তিমিৰ সংখ্যৰ অভিলেখ হাৰত হ্ৰাস পাই আছে ।অৱশ্যে কৰ’নাৰ বাবে সম্প্ৰতি তিমি মাছৰ চিকাৰ ব্যাপক হাৰত কমিছে ।যাৰ বাবে তিমিৰ কে’বাটাও প্ৰজাতি পুনৰ বিপদমুক্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে।
ADVERTISEMENT