- সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ পিছ পৰি ৰোৱা নাই ভাৰতবৰ্ষ ৷ দেশত সম্প্ৰতি আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ কাৰ্যসূচী ৷ সেই সময়তে দেশত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যাই ৪০,০০০ হাজাৰ অতিক্ৰম কৰিলে ৷ ইফালে দেশত একেদিনাই দিল্লীত নতুনকৈ কৰ’না ভাইৰাছত ৪২৭ জন লোক আক্ৰান্ত হৈছে ৷ ঠিক তেনেকৈ গুজৰাটত ৩৭৪, পাঞ্জৱত ৩৩০,তামিলনাডুত ২৬৬, হাৰিয়ানাত ৬৬ আৰু জম্মু -কাশ্মৰীত ৩৫ জন ব্যক্তি কৰ’না ভাইৰাছ আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।
- দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ পিছত কেন্দ্ৰীয় চৰকাৰে কিছু শিথিলতা দিছে তৃতীয় পৰ্যায়ৰ তলাবন্ধত। দেওবাৰে দেশত নতুনকৈ ২,৬৬৭ জন ব্যক্তি কৰ’নাত আক্ৰান্ত হৈছে ।
- চৰকাৰী এক সূত্ৰৰ মতে দেশত ৪২,৪৫৬ জন লোক ক’ভিড১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ১১,৪৪২ আৰু মৃত্যু হৈছে ১,৩৯০ জনৰ ৷
- আনহাতে ৰাজধানী দিল্লীত নতুনকৈ কৰ’নাত আক্ৰান্ত ৪২৭ জন লোকৰ স’তে মুঠ কৰ’নাত আক্ৰান্তৰ সংখ্যা ৪,৫৪৯ জনলৈ বৃদ্ধি পাইছে । মৃত্যু হৈছে ৬৪ জন ৰোগীৰ।
- পাঞ্জাৱত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যাই একেদিনাই নাটকীয়ভাৱে প্ৰায় দুই শতাধিক অতিক্ৰম কৰে । শুক্ৰবাৰে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৮৫ জন হোৱাৰ বিপৰীতে দেওবাৰে ইয়াৰ সংখ্যা হয়গৈ ১,১০২ ৷
- হাৰিয়ানাতো দেওবাৰে ৬৬ জন লোক কৰ’নাত আক্ৰান্ত হয়।ইতিমধ্যে হাৰিয়ানাত ক’ভিড১৯ ত মৃত্যু হৈছে পাঁচজন লোক। আনহাতে নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত আছে শনিপটৰ চাৰিজন চিকিৎসক, পানিপটৰ চাৰিজন সাংবাদিক আৰু চাৰিগৰাকী অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী।
- ইফালে কৰ’না ভাইৰাছে বেয়াকৈ ধৰাশায়ী কৰিছে গুজৰাটক । ৰাজ্যখনত নতুনকৈ ৩৭৪ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ২৮ জনৰ মৃত্যু হৈছে । লগতে আহমেদাবাদতো ২৭৪ জন কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে । আৰু মৃত্যু হৈছে ২৩ জন। আহমেদাবাদত কৰ’নাত আক্ৰান্ত হৈছে ৫,৪২৮ জন ৷ আৰু মৃত্যু হৈছে ২৯০ জন ব্যক্তিৰ ।
- দক্ষিণ ভাৰতৰ তামিলনাডুত নতুনকৈ ২৬৬ জন লোক আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত ৷ আনহাতে ৰাজ্যখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা হৈছে ৩,০২৩ জন ৷ আনহাতে অন্ধ্ৰপ্ৰদেশত দেওবাৰে নতুনকৈ কৰ’নাত আক্ৰান্ত হয় ৫৮ জন ৷
- তেলেংগানাতো কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে ২১ জন ৷ ইয়াৰ লগে লগে ৰাজ্যখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা হয়গৈ ১,০৮২ জন।
- জম্মু কাশ্মীৰত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৩৫ জন ৷ ইয়াৰ লগে লগে জম্মু কাশ্মীৰত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যাই ৭০১ জনলৈ বৃদ্ধি পাইছে ।
ADVERTISEMENT