বিদেশত আবদ্ধ লোকক ঘুৰাই আনিব কেন্দ্ৰীয় চৰকাৰে

30mptravel1
কেন্দ্ৰীয় চৰকাৰে বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক পর্যায়ক্ৰমে স্বদেশলৈ ঘুৱাই অনাৰব্যৱস্থা গ্ৰহণ  কৰিছে ৷ বিমান তথা নৌ সেনাৰ জাহাজত এই আবদ্ধ হৈ থকা লোকসকলৰ  ঘুৰাই অনা হ’ব বুলি সদৰী কৰিছে ৷ এই ক্ষেত্রত মানসম্পন্ন পৰিচালন প্র’ট’কল(এছঅ’পি) মানি চলিব লাগিব ৷ ভাৰতীয় দূতাবাসসমূহে অসুবিধাৰ সন্মুখীন হোৱা ভাৰতীয় নাগৰিকসকলৰ এখন তালিকা প্ৰস্তুত কৰিছে। অৱশ্যে দেশলৈ ঘুৰি অহাৰ বাবে ভ্ৰমণ ব্যয় যাত্ৰীসকলে বহন কৰিব লাগিব ৷ বিমানযোগে যিসকল আহিব তেওঁলোকৰ বাবে সুচী বৰ্হিভূত বাণিজ্যিক বিমানৰ ব্যৱস্থা কৰা হ’ব ৷ সাত মে’ৰ পৰা পর্যায়ক্ৰমে এই লোকসকলকক বিদেশৰ পৰা ঘুৰাই অনা কাম আৰম্ভ হ’ব ৷ বিমানত উঠাৰ পূৰ্বে যাত্রীসকলৰ শাৰীৰিক পৰীক্ষা কৰা হ’ব ৷
যিসকলৰ সংক্ৰমণৰ কোনো লক্ষণ নাথাকে, তেওঁলোককহে কেৱল ভ্ৰমণৰ অনুমতি দিয়া হ’ব ৷ ভ্ৰমণৰ সময়ত সকলো যাত্রীয়ে স্বাস্থ্য মন্ত্ৰালয় আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ স্বাস্থ্যবিধি মানি চলিব লাগিব ৷ গন্তব্য স্থানত উপস্থিত হোৱাৰ পাছত আৰোগ্য সেতু এপত প্ৰতিগৰাকী যাত্রীয়ে পঞ্জীয়ন কৰিব লাগিব ৷ সকলোৰে আকৌ এবাৰ শাৰীৰিক পৰীক্ষা হ’ব৷ ইয়াৰ পাছত প্ৰত্যেকে ১৪ দিন কোনো হাস্পতাল অথবা প্ৰতিষ্ঠানত কোৱাৰেণ্টাইনত থাকিব লাগিব ৷ কোৱাৰেণ্টাইনত থকা সময়ত সকলো ব্যয় যাত্রীসকলে বহন কৰিব লাগিব ৷ কোৱাৰেণ্টাইনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা  সংশ্লিষ্ট ৰাজ্য চৰকাৰে কৰিব লাগিব ৷ ১৪ দিন পাছত প্ৰত্যেকৰে লেলাৱতীৰ নমুনা সংগ্ৰহ কৰি ক’ভিড পৰীক্ষা কৰা হ’ব ৷ ইয়াৰ পাছত স্বাস্থ্য পৰীক্ষাৰ ফলাফলৰ ভিত্তিত পৰৱর্তী পদক্ষেপ হাতত লোৱা হ’ব ৷ বিদেশ মন্ত্ৰালয় আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে এই বিষয়ত বিস্তৃত তথ্য তেওঁলোকৰ ৱেবছাইটত প্ৰকাশ কৰিব ৷ এই নাগৰিকসকলে তেওঁলোকৰ ৰাজ্যলৈ ঘুৰি আহিলে স্বাস্থ্য পৰীক্ষা, কোৱাৰেণ্টাইন আৰু অন্যান্য ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ ৰাজ্য চৰকাৰসমূহক পৰামর্শ দিয়া হৈছে ৷
Exit mobile version