মহামাৰী কৰ’নাত ৰাছিয়াত একেদিনাই সংক্ৰমিত ১০ সহস্ৰাধিক

602x338 cmsv2 66e72a44 d55c 5a87 b8f8 67fc68f6eba0 4666124
কৰ’নাৰ আতংকত কঁপিছে সমগ্ৰ বিশ্ব ৷ মহাশক্তিশালী দেশ ৰূপে পৰিচিত আমেৰিকাও বিধ্বস্ত হৈছে মহামাৰী কৰ’নাত। কৰ’নাৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত চৰম আতংকত ভূগিছে ৰাছিয়া ৷ দেশখনৰ স্বাস্থ্য বিভাগে জনোৱা মতে, এদিনতে আক্ৰান্তৰ সংখ্যা ১০ হেজাৰৰো অধিক হৈছে । এই মৰ্মে বিশ্বত কৰ’না আক্ৰান্তৰ দেশসমূহৰ ভিতৰত ৰাছিয়া সপ্তম স্থানত আছে । বিগত সপ্তাহতে চীন তুৰস্ক আৰু ইৰানক চেৰাই গৈছে দেশখনে। এই পৰ্যন্ত ৰাছিয়াত মুঠ ১,৩৪,৬৮৭ জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু প্ৰায় ১৩ শ জন লোক মৃত্যু হৈছে । আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হৈছে মস্কোত ।ইয়াত প্ৰতিদিনে চিকিৎসালয়ত ভৰ্তি হৈছে প্ৰায় ১,৭০০  জন ৰোগী।
যোৱা মাৰ্চৰ শেষৰ পৰা ৰাছিয়াত আংশিক তলাবন্ধ ঘোষণা কৰা হৈছিল। তৎস্বত্বেও প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এই পৰ্যন্ত সমগ্ৰ বিশ্বত ক’ভিড ১৯ ত আক্ৰান্তৰ সংখ্যা ৩৫ লক্ষাধিক আৰু মৃত্যু হৈছে প্ৰায় ২ লাখ ৫০ হেজাৰ ৷সম্প্ৰতি কৰ’নাত আক্ৰান্ত হৈছে ৰাছিয়াৰ প্ৰধানমন্ত্ৰী মিখাইল মিসুছটিন। ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ চৰকাৰৰ শীৰ্ষ নেতা প্ৰথমবাৰৰ বাবে ক’ভিড১৯ত আক্ৰান্ত হ’ল । তেওঁক হস্পিতালত ভৰ্তি কৰোৱা হৈছে । ভাইৰেল হৈ পৰা এক ভিডিঅ’ ক্লিপত দেখা গৈছে যে ভিডিঅ’ কল কৰি মিসুছটিনে ৰাষ্ট্ৰপতি পুটিনক কৰ’নাত আক্ৰান্ত হোৱাৰ বাৰ্তা দিছে। বিগত মাহত তেওঁ প্ৰধানমন্ত্ৰী পদৰ দায়িত্ব লৈছিল ৷ ৰাছিয়াত কৰ’নাত মহামাৰীৰ বিৰুদ্ধে যুঁজত তেওঁ অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেওঁ চিকিৎসাধীন হোৱাত প্ৰথম উপ মুখ্যমন্ত্ৰী আণ্ড্ৰেই বেলুচভক সেই স্থানত নিযুক্তি দিবলৈ মিসুছটিনে অনুৰোধ জনায় পুটিনক৷ সেইমৰ্মে ৰাছিয়াৰ সম্প্ৰতি প্ৰধানমন্ত্ৰীৰ পদ চম্ভালিব বেলুচভে ।
Exit mobile version