মাজুলীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে

দেশত ক’ভিড ১৯ ক লৈ দেখা পৰিস্থিতিৰ বাবে ইতিমধ্যে বহিঃৰাজ্যৰ পৰা ঘূৰি অহা অসমৰ যুৱক যুৱতীসকলক এমজিএনৰেগা আঁচনিৰ অধীনত জবকাৰ্ডসহ কাম দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে। মাজুলী জিলাত তলাবন্ধ শিথিলকৰণ খবৰ ল’বলৈ আহি আজি এই কথা ঘোষণা কৰে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেই। লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ স’তে মুখ্যমন্ত্ৰী সোনোৱালৰ নিৰ্দেশত মাজুলীলৈ অহা মন্ত্ৰী দ’লেই মংগলবাৰে দুপৰীয়া জিলা সদৰ গড়মূৰত উপস্থিত হৈ জিলা প্ৰশাসনৰ লগতে পঞ্চায়ত, গ্ৰামোন্নয়ন, কৃষি, জলসম্পদ, পশুপালন, পশু চিকিৎসা, মীন আদি বিভাগৰ লগত এক বৈঠকত মিলিত হয় ।

 

মন্ত্ৰী দ’লেই তলাবন্ধ বহুখিনি শিথিলকৰণৰ পিছত মাজুলীত চৰকাৰী বিভাগসমূহে জনস্বাৰ্থ জৰিত উন্নয়ন তথা উৎপাদনমূলক কামকাজসমূহ পুনৰ আৰম্ভ কৰিবলৈ লোৱা ব্যৱস্থাৱলীৰ খতিয়ান লয়। মন্ত্ৰী নৱ দলে সদৰী কৰে যে ক’ভিড১৯ৰ কাৰণে অন্য ৰাজ্যত কৰ্মসংস্থাপন এৰি ঘূৰি অহা যুৱক যুৱতীসকলক এমজিএনৰেগা আঁচনিৰ অধীনত জ’বকাৰ্ড দি কাম কৰিবলৈ সুবিধা দিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। তেওঁলোকে জ’বকাৰ্ড আৰু কাম বিচাৰি নিজৰ গাঁও পঞ্চায়তত আবেদন কৰিলে ১৫ দিনৰ ভিতৰতে জবকাৰ্ড দিয়াৰ লগতে এমজিএনৰেগা আঁচনিৰ অধীনত কমেও ১০০ দিনৰ কৰ্মসংস্থাপন আগবঢ়াবলৈ চৰকাৰে লোৱা নীতিগত সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু মাজুলী তথা উজনি মাজুলীৰ খণ্ড উন্নয়ন বিষয়াদ্বয়ক নিৰ্দেশ দিয়ে ৷ লগতে মাজুলীত কৃষকসকলৰ সুবিধাৰ্থে শাক পাছলিৰ উৎপাদনা বৃদ্ধি কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা ল’বলৈ মন্ত্ৰী দ’লে আৰু সাংসদ প্ৰদান বৰুৱাই কৃষি বিভাগক নিৰ্দেশ দিয়ে।

Exit mobile version