সমগ্ৰ দেশত তলাবন্ধৰ ভয়াৱহ ৰূপ

BL2503STOCK
কৰ’না প্ৰতিৰোধৰ কাৰণে অব্যাহত তলাবন্ধৰ ফলত দেশজুৰি সৃষ্টি হোৱা অৰ্থনৈতিক বিপৰ্যয়ৰ মাজত চাকৰিজীৱীসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে ৷ বহুতেই চাকৰি হেৰুৱাইছে আৰু বহুতেই কৰ্ম সংস্থাপনহীন হোৱাৰ আশংকাত ভূগিছে । একেদৰে দৰমহা আদায় দিয়া নাই বিভিন্ন প্ৰতিষ্ঠানে, লগতে বন্ধ হৈ পৰিছে বিভিন্ন পদোন্নতি । বহুজাতিক সংস্থা কৰ্ণ ফেৰিৰ প্ৰতিবেদনত প্ৰকাশ যে ৩৪শতাংশ ভাৰতীয় কোম্পানীয়ে ব্যয় হ্ৰাস কৰিবলৈ কৰ্মচাৰীসকলক বেতন আদায় দিয়া নাই ৷ একেদৰে ২৩ শতাংশ সংস্থাই পদোন্নতি বন্ধ কৰি থৈছে আৰু ১৮ শতাংশই বেতন বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিছে । তলাবন্ধৰ আৰম্ভণিৰ পৰাই চৰকাৰে বেচৰকাৰী সংস্থাসমূহক আবেদন জনাইছিল যাতে কৰ্মচাৰীসকলৰ বেতন বন্ধ অথবা কৰ্তন কৰা নহয় ৷
তদুপৰি কৰ্মচাৰী চাটাই স্থগিত ৰাখিবলৈ অনুৰোধ কৰিছিল। চৰকাৰৰ এনে অনুৰোধ অধিকাংশ সংস্থাই কোনো কৰ্ণপাত কৰা নাই। প্ৰতিবেদনত কোৱা হৈছে যে ৮৪ শতাংশ সংস্থাই কৰ্মচাৰী চাটাই কৰিছে অথবা সেই পথেৰে আগবাঢ়িছে । ফলত দেশজুৰি নিবনুৱাৰ সংখ্যা যে বৃদ্ধি পাব তাত কোনো সন্দেহ নাই ।ইতিমধ্যে ভাৰতত নিবনুৱাৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালত এই সমস্যাই অভিলেখ সৃষ্টি কৰিছে বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছে । এতিয়া কৰ’না সৃষ্ট পৰিস্থিতিত ভাৰতৰ নিবনুৱা সমস্যাই কিমান ভয়াৱহ ৰূপ ল’ব পাৰে আৰু ইয়াৰ ফলাফল কিমান সুদূৰ প্ৰসাৰী হ’ব পাৰে তাকে লৈ আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে । এই প্ৰসংগত বিভিন্ন সংস্থাত কৰ্মৰত একাংশ কৰ্মচাৰীৰ মতে জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চৰ প্ৰতিবেদনৰ পাছত এপ্ৰিলত বেতন বৃদ্ধি হয় আৰু পদোন্নতিও হয় । কিন্তু এইবাৰ ফ্ৰেব্ৰুৱাৰীৰ পৰাই কাম কাজ বন্ধ হৈ আছে। ফলত এই বছৰ বেতন বৃদ্ধি নহ’ব আৰু পদোন্নতিও নহ’ব বুলিও জনাই দিয়া হৈছে।
Exit mobile version