সম্প্ৰতি ক’ভিড-১৯ ৰ কাৰণে সমগ্ৰ বিশ্বত তলাবন্ধ অব্যাহত আছে ৷ তলাবন্ধৰ কাৰণে সম্প্ৰতি দেশৰ দৰিদ্ৰ জনসাধাৰণৰ মাজত দেখা গৈছে খাদ্যৰ নাটনি ৷ তেনে সময়তে তেলেংগানাৰ মুলুগুৰ এগৰাকী কংগ্ৰেছ বিধায়িকা চিথাক্কাৰ মানৱীয়তাই ছ’চিয়েল মিডিয়াত বিশেষ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিধায়িকা চিথাক্কাই প্ৰতি দিনে ২০ কিলো মিটাৰ খোজ কাঢ়ি দুৰ্গম অঞ্চলত থকা দৰিদ্ৰ লোকসকলক অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান ধৰে। তলাবন্ধৰ সময়ত চিথাক্কাৰ এই পদক্ষেপত সম্প্ৰতি তেলেংগানাৰ লগতে সমগ্ৰ দেশ জুৰি চৰ্চা লাভ কৰিছে। দুবাৰকৈ মুলুগুৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা চিথাক্কাই তলাবন্ধৰ সময়ত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসকলৰ মাজত খোজ কাঢ়ি মূৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ বেগ লৈ যোগান ধৰিছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত আছে ৩০,০০০ কিলোগ্ৰাম চাউল, পাচলি, তেল, দালি আৰু বহু সামগ্ৰী ।
চিথাক্কাৰ মহানুভৱতা, দৈনিক ২০ কিলোমিটাৰ খোজকাঢ়ি সাহায্য যোগান ধৰিলে দৰিদ্ৰক
-
By publisher

- Categories: COVID-19, News
- Tags: CORONAVIRUSCovid-19FIGHT AGAINST COVID-19SeethakkaTELANGANA
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026