চিথাক্কাৰ মহানুভৱতা, দৈনিক ২০ কিলোমিটাৰ খোজকাঢ়ি সাহায্য যোগান ধৰিলে দৰিদ্ৰক

99 1
সম্প্ৰতি ক’ভিড-১৯ ৰ কাৰণে সমগ্ৰ বিশ্বত তলাবন্ধ অব্যাহত আছে ৷ তলাবন্ধৰ কাৰণে সম্প্ৰতি দেশৰ দৰিদ্ৰ জনসাধাৰণৰ মাজত দেখা গৈছে খাদ্যৰ নাটনি ৷ তেনে সময়তে তেলেংগানাৰ মুলুগুৰ এগৰাকী কংগ্ৰেছ বিধায়িকা চিথাক্কাৰ মানৱীয়তাই ছ’চিয়েল মিডিয়াত বিশেষ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিধায়িকা চিথাক্কাই প্ৰতি দিনে ২০ কিলো মিটাৰ খোজ কাঢ়ি দুৰ্গম অঞ্চলত থকা দৰিদ্ৰ লোকসকলক অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান ধৰে।  তলাবন্ধৰ সময়ত চিথাক্কাৰ এই পদক্ষেপত সম্প্ৰতি তেলেংগানাৰ লগতে সমগ্ৰ দেশ জুৰি চৰ্চা লাভ কৰিছে। দুবাৰকৈ মুলুগুৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা চিথাক্কাই তলাবন্ধৰ সময়ত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসকলৰ মাজত খোজ কাঢ়ি মূৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ বেগ লৈ যোগান ধৰিছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত আছে ৩০,০০০ কিলোগ্ৰাম চাউল, পাচলি, তেল, দালি আৰু বহু সামগ্ৰী ।
Exit mobile version