ভিডিঅ’ কনফাৰেন্সিঙৰে সম্পন্ন বিবাহত উপস্থিত থাকিল শতাধিক আত্মীয়

ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমত বিবাহ সম্পন্ন হ’ল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক নিবাসী মাৰ্ক আৰু জেনৰ। বিবাহ অনুষ্ঠানত উপস্থিত থাকিল শতাধিক আত্মীয় স্বজন। কিন্তু অতিথি সকলে একমাত্ৰ শৰীৰৰ ঊৰ্দ্ধাংশৰ বাবেহে দেখনিয়াৰ পোছাক পৰিধান কৰিবলগীয়া হ’ল।নিউয়ৰ্ক নিবাসী মাৰ্কভন নেম আৰু জেন ৱেলেৰীয়ে যোৱা কে’বামাহ ধৰি বিয়াৰ পৰিকল্পনা তথা সকলো প্ৰস্তুতি বন্ধ হৈ পৰিল। শেষত প্ৰশাসনৰ বিশেষ অনুমতি সাপেক্ষে বিয়াখন সম্পন্ন হ’ল এই মাৰ্কিন যুগলৰ। কিন্তু আত্মীয় পৰিজন, বন্ধু- বান্ধৱ অবিহনে জানো এখন বিয়া সম্পন্ন হ’ব পাৰে? সেয়েহে প্ৰশাসনে বিয়াখনত উপস্থিত থাকিব পৰাকৈ শতাধিক আত্মীয় পৰিজনকো অনুমতি প্ৰদান কৰিলে। বিয়াখন অনুষ্ঠিত হোৱাত প্ৰশাসনে গুৰুত্ব দিলে যাতে তলাবন্ধ অথবা সামাজিক দূৰত্বৰ নীতি নিয়মৰ ক্ষেত্ৰত উলংঘা নহয়।

 

বিয়াখনৰ অভ্যৰ্থনাৰ নিমন্ত্ৰণৰ ক্ষেত্ৰতো আছিল অভিনৱত্ব। অতিথিসকলক নিমন্ত্ৰণ কৰাৰ সময়ত কোৱা হৈছিল যে পোছাকৰ সতে ‘ফৰ্মেল পেন্ট’ পৰিধান নকৰিলেও বিশেষ অসুবিধা নহয়। মাৰ্ক আৰু জেনৰ ইচ্ছা আছিল সকলোৰে সন্মুখত গিৰ্জাত বিবাহ সম্পন্ন কৰাৰ। অভ্যৰ্থনাত পৰিৱেশন কৰা হ’ব বিশেষ সু-স্বাদু খাদ্যৰ, কিন্তু এই ইচ্ছাত পানী ঢালি দিলে কৰ’না ভাইৰাছে। অৱশ্যে ইয়াৰ পূৰ্বেই যোৱা সপ্তাহত মাৰ্ক আৰু জেনে বিয়াৰ আনুষ্ঠানিকতা সম্পন্ন কৰে। স্থানীয় প্ৰশাসক ভন ব্ৰমাৰে এই ক্ষেত্ৰত বিশেষ সক্ৰিয়তা প্ৰদৰ্শন কৰি অনুমতি প্ৰদান কৰাই নহয় নিজৰ ঘৰৰ বাগিচাতে বিয়াখন সম্পন্ন কৰাৰো প্ৰস্তাৱ দিয়ে। ব্ৰমাৰৰ এই প্ৰস্তাৱ সাদৰেৰে গ্ৰহণ কৰে মাৰ্ক আৰু জেনে। ব্ৰমাৰৰ বাগিচাত ভিডিঅ’ কনফাৰেন্সিঙ মঞ্চত জুমৰ মাধ্যমত বিয়াৰ আনুষ্ঠানিকতা সম্পন্ন হয়।

 

 

জুমৰ মাধ্যমতেই মাৰ্ক আৰু জেনক বিশেষ অভ্যৰ্থনাত সংগ দিয়ে শতাধিক আত্মীয় স্বজনে। মাৰ্ক আৰু জেনৰ বিয়াৰ বহুকেইখন ছবি ব্ৰমাৰে ইতিমধ্যে প’ষ্ট কৰিছে ছ’চিয়েল মিডিয়াত। এনে ছবিত দেখা গৈছে নৱ দম্পতিৰ পৰা ১০ ফুট দূৰত্বত আছে ব্ৰমাৰ। মাৰ্ক আৰু জেনে মাস্ক আৰু হাতমোজা পৰিধান কৰাও দেখা গৈছে। ব্ৰমাৰৰ এই উদ্যোগক প্ৰশংসা কৰিছে বিভিন্নজনে। বিয়াৰ ছবিবিলাকে ছ’ছিয়েল মিডিয়াত ইতিমধ্যে বিপুল সমাদৰ লাভ কৰিছে।

Exit mobile version