মাস্ক অবিহনে প্ৰৱেশত বাধা

a flint michigan family dollar security guard was shot dead after telling a woman to wear a mask buzzfeed news
মাৰ্কিন যুক্তৰাষ্ট্ৰত তলাবন্ধ সঠিকভাৱে মানি চলা হোৱা নাই। ইতিমধ্যে এই অভিযোগ উত্থাপন হৈছিল যদিও এইবাৰ অভিযোগটো আৰু অধিক স্পষ্ট হৈছে। বিশ্বৰ সৰ্বশক্তিমান দেশখনত কৰ’না সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰা সত্ত্বেও মাস্ক অবিহনেই এতিয়াও বহু লোকে ৰাজহুৱা স্থানত ঘূৰা-পকা কৰি অহা । এই মাস্ক খনক লৈয়ে শেহতীয়াকৈ মিচিগানত এক হত্যাকাণ্ডও সংঘটিত হৈছিল। মিচিগানৰ এটি শ্ব’পিংমলত বজাৰ কৰিবলৈ গৈছিল মাতৃ আৰু কন্যা। শ্ব’পিংমলত প্ৰৱেশৰ সময়ত মাতৃ য়ে মুখত মাস্ক পৰিধান কৰিলেও  কন্যাৰ মুখত নাছিল মাস্ক। সেইবাবে কন্যাক শ্ব’পিংমলত প্ৰৱেশ কৰাত বাধা দিয়ে নিৰাপত্তাৰক্ষীয়ে, কিন্তু সকলোকে আচৰিত কৰি এই সামান্য আচৰণৰ বাবেই মহিলাগৰাকীৰ স্বামী আৰু পুত্ৰই হত্যা কৰে নিৰাপত্তাৰক্ষীজনক।

এই হত্যাকাণ্ডক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দিয়া হৈছে। মার্কিন যুক্তৰাষ্ট্ৰৰ  কৰ’না হটস্পট’বিলাকৰ ভিতৰত মিচিগান অন্যতম। ক’বলৈ গ’লে মৃত্যু উপত্যকাত পৰিণত হৈছে মিচিগান। এনে এখন প্ৰদেশত মাস্কক লৈ হত্যাকাণ্ড সংঘটিত হোৱা কথাৰ পৰাই স্পষ্ট হৈ পৰিছে আমেৰিকাত তলাবন্ধ কিদৰে উলংঘা হৈছে। মিচিগানৰ প্ৰশাসনে ইতিমধ্যেসকলোৰে বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰি দিছে। ফলত মাস্ক অবিহনে কোনো লোককে ৰাজহুৱা স্থানত ঘূৰা-পকা কৰিবলৈ দিয়া হোৱা নাই। কিন্তু মহিলাগৰাকীয়ে কন্যাক মাস্ক অবিহনে শ্ব’পিংমলত বাধা দিয়াত প্রথমে নিৰাপত্তাৰক্ষীৰে কাজিয়াত লিপ্ত হয়। কথা কটাকটি হয় দুয়োৰে মাজত। এনে অৱস্থাৰ মাজতে মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰি নিৰাপত্তাৰক্ষীজনলৈ বুলি থুৱাই দিয়ে।
ইয়াৰ পাছত মহিলাগৰাকীৰ স্বামী আৰু পুত্ৰ শ্ব’পিংমলত উপস্থিত হয়। পৰিকল্পনা অনুসৰি স্বামী আৰু পুত্ৰই আহি নিৰাপত্তাৰক্ষী জনলৈ বুলি গুলিচালনা কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি মহিলাগৰাকীৰ পুত্ৰই নিৰাপত্তাৰক্ষীজনলৈ বুলি গুলিবর্ষণ কৰে। আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে যদিও স্বামী আৰু পুত্ৰ বৰ্তমান পলাতক। মহিলাগৰাকীৰ লগতে স্বামী আৰু পুত্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে পৰিকল্পিত হত্যাকাণ্ডৰ লগতে আইন উলংঘাৰ পৃথক অভিযোগত গোচৰ পঞ্জীয়ন কৰিছে। আগ্নেয়াস্ত্ৰৰ অপব্যৱহাৰৰো এটা পৃথক অভিজু8 আনিছে আৰক্ষীয়ে। অৱশ্যে মহিলাগৰাকীৰ কন্যাৰ বিৰূদ্ধে আৰক্ষীয়ে কোনো গোচৰ পঞ্জীয়ন কৰা নাই। সমগ্ৰ ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দিছে শ্ব’পিংমলৰ কৰ্তৃপক্ষই।
Exit mobile version