মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল | বৃহস্পতিবাৰে গুৱাহাটীত চিনাক্ত হোৱা তৃতীয়জন ৰোগী খাৰঘূলি পাহাৰৰ জিএমডিএৰ পানী টেংকীৰ কাষৰ বৰদা দাস | অনুৰাধা চিনেমা হ’লৰ জীয়েকৰ ঘৰৰ পৰা ছয় মে’ত ঘৰলৈ যোৱা পাছত ভুগিছিল কাঁহত | ওচৰ-চুবুৰীয়াকো বিচাৰিছিল কাঁহৰ দৰব | নিশা তেওঁৰ দেহত ডায়েৰিয়াৰ লক্ষণ দেখাত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তাৰ পাছত জিএমচিএইচত ভৰ্তি কৰোৱাই | নিশাই নমুনা সংগ্ৰহ কৰাৰ পাছত বৃহস্পতিবাৰে দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰে | ইফালে, মহানগৰীত বৃহস্পতিবাৰে কৰ’নাত আক্ৰান্ত হোৱা দেৱৰাজ আশ্চৰ্য বাইহাটা চাৰিআলিৰ মদনপুৰৰ বাসিন্দা | কোম্পানীত কৰ্মৰত যুৱকজনে শিলিগুৰিৰ পৰা মেদিনাপুৰলৈ গৈছিল | তাত কে’বাদিনো কটাই যোৱা ছয় মে’ত সৰুসজ্জাইত উপস্থিত হৈছিল | তেওঁৰ লগত অহা অন্য দুজনৰ দেহত কৰ’না উপস্থিতি ধৰা নপৰে যদিও দেৱৰাজ কৰ’নাত আক্ৰান্ত হয় |
অনুৰাধা চিনেমা হ’লৰ কাষৰ পৰা যোৱাৰ পাছতেই কাঁহত ভুগিছিল কৰ’নাত আক্ৰান্ত বৰদা’ই
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACORONAVIRUSCovid-19FIGHT AGAINST COVID-19
Related Content
Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
By
publisher
April 29, 2026
Akhil Gogoi's open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026