অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তলাবন্ধৰ সন্দৰ্ভত প্ৰেছ বিবৃতি

Indira Gandhi National Old Age Pension Scheme

কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অব্যাহত থকা তলাবন্ধৰ তৃতীয়টো পৰ্যায়ত কেন্দ্ৰীয় মন্ত্ৰণালয়ে গ্ৰীণ জ’নৰ জিলাসমূহত তলাবন্ধ কিছু পৰিমাণে শিথিল কৰাৰ নিৰ্দেশ দিছিল। সমগ্র বিশ্বত কৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাত জ্যেষ্ঠ নাগৰিক সন্মিলনেও গভীৰ চিন্তাৰ সন্মুখীন হৈছে। তলাবন্ধৰ সকলো নীতি নিয়মৰ ব্যৱস্থাত জ্যেষ্ঠ নাগৰিক সকলে পূৰ্ণ সমৰ্থন জনাইছে যদিও ৬৫ বছৰৰ উৰ্দ্ধৰ লোক সকলক চিকিৎসা জনিত কাৰণৰ বাহিৰে কোনো কাৰণতেই ঘৰৰ পৰা ওলাই আহিব নোৱাৰিব বুলি কৰা ঘোষণাই চিন্তিত কৰি তুলিছে। এই নিষেধাজ্ঞাই কেৱল স্বামী-স্ত্ৰীয়ে বাস কৰা পৰিয়ালৰ খাদ্য বা আন লাগতিয়াল বস্তু যোগাৰ কৰাত বাধা আহি পৰিছে।

 

সাধাৰণতে এই বয়সত জ্যেষ্ঠ নাগৰিক এগৰাকীয়ে অবাবত বাহিৰলৈ ওলাই আহিবলৈ ভাল নাপায় । প্ৰত্যেক গৰাকীয়ে নিজ নিজ কৰ্তব্যৰ খাতিৰতহে বাহিৰলৈ ওলায়। সেয়ে আজি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ডঃ মনোৰঞ্জন শৰ্মা আৰু সহ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে এক বিবৃতি যোগে এই সন্দৰ্ভত চকু ৰাখিবলৈ কৰ্তৃপক্ষৰ লগতে আৰক্ষী প্ৰশাসনক অনুৰোধ জনায়। যাতে এগৰাকী জ্যেষ্ঠ নাগৰিকে ঘৰৰ বাহিৰলৈ বিশেষ কাৰণত ওলোৱাৰ সময়ত কোনো অসুবিধাৰ সন্মুখীন নহয়।

অন্যহাতে, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ডঃ ডঃ মনোৰঞ্জন শৰ্মা আৰু সহ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে বিশিষ্ট গান্ধীবাদী নেত্ৰী হেমভৰালী বিয়োগত শোক প্ৰকাশ কৰে । আৰু নৱপ্ৰজন্মই হেম ভৰালীৰ জীৱন আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সমাজ গঢ়াত ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে।

Exit mobile version