তলাবন্ধৰ ফলতো হ্ৰাস পোৱা নাই কৰ’নাৰ তাণ্ডৱ

coronavirus 4833754 1920

৪০ দিনীয়া তলাবন্ধৰ পাছতো দেশত কৰ’না আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ কোনো লক্ষণ নাই । ইতিমধ্যে আক্ৰান্তৰ সংখ্যাই ৫০ হেজাৰ অতিক্ৰম কৰিছে ৷ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ৰ সঞ্চালক ডা° ৰণদীপ গুলেৰিয়াই কয় যে ৪০ দিন কঠোৰভাৱে তলাবন্ধ ৰূপায়ণ কৰাৰ পিছতো ভাৰতত কৰ’নাৰ প্ৰৱণতা হ্ৰাস পোৱা নাই । তেওঁ কয় যে তলাবন্ধ অব্যাহত ৰখাৰ প্ৰয়োজন আছে ।একেদৰে ৰেড জ’ন চিনাক্ত হোৱা অঞ্চলত তথা হটস্পটসমূহ আৰু ইয়াৰ ওচৰ অঞ্চলসমূহত আগ্ৰাসী পদক্ষেপ ল’ব লাগিব । ডা° গুলেৰিয়াই কয় যে ইটালী আৰু চীনৰ দৰে বিভিন্ন দেশে কঠোৰভাৱে সামাজিক দূৰত্বৰ পদক্ষেপ গ্ৰহণ কৰি এমাহৰ পাছতো ইয়াৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছিল ৷ অৱশ্যে ভাৰতত এনে হোৱা নাই । ইয়াৰ বিপৰীতে এইমছৰ সঞ্চালকে ব্যক্ত কৰে যে দেশত জুন আৰু জুলাইৰ মাজত ক’ভিড-১৯ৰ ঘটনা চূড়ান্ত ৰূপ ধাৰণ কৰিব ৷

 

 

তেওঁ কয় যে ভাৰতত ক’ভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধিৰ গতি এডাল ৰেখাৰ দৰে । ভাৰতত বৰ্তমানে কৰ’না আক্ৰান্তৰ হাৰত কোনো উত্থান পতন হোৱা নাই । সমান গতিত এডাল দৰে সংক্ৰমণ বাঢ়ি গৈ আছে । গতিকে কেতিয়া এই সংক্ৰমণ চূড়ান্ত পৰ্যায়ত উঠিব সেয়া কোৱা টান। অৱশ্যে জুন আৰু জুলাই মাহত ইয়াৰ সংক্ৰমণৰ হাৰ চূড়ান্ত পৰ্যায়ত উঠাৰ সম্ভৱনা আছে । সেয়েহে আমি ইয়াৰ বাবে সতৰ্ক হৈ থাকিব লাগিব। দেশৰ অৰ্থনীতি, স্বাস্থ্য বিষয়ক সকলো বিষয় বিবেচনা কৰি আৰু কিছুদিন তলাবন্ধৰ প্ৰয়োজনীয়তা আছে । ইপিনে দেশত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা একেকোবে বহু পৰিমাণে বৃদ্ধি পাইছে । দেশজুৰি এতিয়া আক্ৰান্তই সংখ্যাই ৫৪ হেজাৰৰো অধিক হৈছে  ৷ এই পৰ্যন্ত দেশত আক্ৰান্তৰ সংখ্যা ৫৪,৫০৯ আৰু মৃত্যু হৈছে ১,৮৩২ জনৰ ।

 

 

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে বিগত ২৪ ঘন্টাত ক’ভিড-১৯ ত নতুনকৈ আক্ৰান্ত হৈছে ৩,৫৬১ জন ৷ যোৱা ৩০ জানুৱাৰীত ভাৰতত প্ৰথমজন কৰ’নাত আক্ৰান্ত হৈছিল ৷ ইয়াৰ ৯৯ দিনৰ পাছত ৫০ হেজাৰ অতিক্ৰম কৰিলে কৰ’নাত আক্ৰান্তৰ সংখ্যাই ৷ পৰিস্থিতি সকলোতকৈ ভয়াৱহ মহাৰাষ্ট্ৰত ৷ নতুনকৈ আক্ৰান্ত হোৱা সকলৰ বেছিভাগেই মুম্বাই, দিল্লী আৰু আহমেদাবাদৰ। মহাৰাষ্ট্ৰত এই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা ১৬,৭৫৮ জন আৰু মৃত্যু হৈছে ১৫১ জন ৷ বিগত ২৪ ঘন্টাত মহাৰাষ্ট্ৰত নতুনকৈ আক্ৰান্ত হৈছে ১,২২৩ জন। আনহাতে সমগ্ৰ বিশ্বত কৰ’নাত আক্ৰান্তৰ সংখ্যা হৈছে ৩৭,৫৪,৬৫০ জন ৷ সবাতোকৈ ভয়াৱহ পৰিস্থিতি আমেৰিকাত ।ইয়াত আক্ৰান্তৰ সমানে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা । সংক্ৰমণৰ দ্বিতীয় স্থানত আছে স্পেইন । এই পৰ্যন্ত দেশখনত ২,২০,০০০ ব্যক্তি আক্ৰান্ত হৈছে । মৃত্যু হৈছে ২৬ হেজাৰ। ইটালীত আক্ৰান্তৰ সংখ্যা ২,১৫,০০০ ৷ মৃত্যু হৈছে প্ৰায় ৩০ হেজাৰ ৷ ব্ৰিটেইনতো সংক্ৰমণ ভয়াৱহভাৱে বাঢ়িছে।

Exit mobile version