মৃত দীপিকা নাথক চিকিৎসা কৰা চিকিৎসকক কোৱাৰেন্টাইন

1587450350 1711

অসমত কৰ’না ভাইৰাছৰ সৰ্বাত্মক কু-প্ৰভাৱ পৰিলক্ষিত হোৱা ক্ষণত কালি গুৱাহাটীত মৃত্যু হোৱা যুৱতী গৰাকীক চিকিৎসা প্ৰদান কৰা এগৰাকী চিকিৎসকক স্বাস্থ্য পৰীক্ষা কৰি তেওঁক গুৱাহাটীত কোৱাৰেন্টাইন কৰাৰ লগতে তেওঁৰ পাঠশালাস্থিত পৰিয়ালক বৰপেটা চিকিৎসা মহাবিদ্যালয়ত কোৱাৰেন্টাইন কৰা হৈছে । প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসক ৰূপে কৰ্মৰত চিকিৎসক গৰাকীয়ে প্ৰতিষ্ঠানৰ পৰা কাম সম্পাদন কৰি দুদিন পূৰ্বে অৰ্থাৎ ৬ মে’ তাৰিখে পাঠশালাৰ ঘৰলৈ আহিছিল। কিন্তু কালি গুৱাহাটীত দীপিকা নাথ নামৰ যুৱতী গৰাকীৰ মৃত্যুৰ পিছতে অাজি চিকিৎসক গৰাকীক গুৱাহাটীৰ উৰ্ধতম কৰ্তৃপক্ষই মাতি নিয়ে । কাৰণ চিকিৎসক গৰাকীয়ে মৃত দিপীকা নাথক চিকিৎসা প্ৰদান কৰিছিল । ইয়াৰ পিছতে গুৱাহাটীত চিকিৎসক গৰাকীক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত কোৱাৰেন্টাইন কৰা হয় । আনহাতে স্বাভাবিক ভাৱে চিকিৎসক জনৰ পাঠশালাস্থিত পৰিয়ালৰ পিতৃ – মাতৄ, ভাতৃ অাৰু ভগ্নী গৰাকী সহিতে চাৰি গৰাকী সদস্যক প্ৰশাসনৰ সহযোগত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত কোৱাৰেন্টাইন কৰা হয় ।

 

অৱশ্যে পৰিয়ালটোৱে তলাবন্ধ মানি চলি ঘৰৰ ভিতৰতে বিগত সময়চোৱা পাৰ কৰিছিল অাৰু পৰিয়ালটো আন কাৰো সংস্পৰ্শ লৈ অহা নাছিল বুলি চিকিৎসক গৰাকীয়ে এই প্ৰতিবেদকক জানিবলৈ দিছে । চিকিৎসক গৰাকীয়ে নিজে এই বিষয়ে সবিশেষ জনায় যদিও তেওঁৰ বিনম্ৰ অনুৰোধ মৰ্মে তেওঁৰ নাম প্ৰকাশ কৰাৰ পৰা অামি বিৰত আছো । কিন্তু চিকিৎসক গৰাকীয়ে এটা গুৰুত্বপূৰ্ণ কথা জানিবলৈ দি কয় যে তেওঁ অাৰু তেওঁৰ পৰিয়ালক কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে যদিও বৰ্তমানলৈ চিকিৎসা প্ৰতিষ্ঠান খনত তেওঁৰ সংস্পৰ্শলৈ অহা আন লোকক এতিয়ালৈ কোৱাৰেন্টাইন কৰা হোৱা নাই অাৰু যিটো কাম অত্যন্ত বিপদ জনক হব পাৰে বুলি বিবেচিত হৈছে । স্বাভাৱিকতে অাজি চিকিৎসক গৰাকীৰ এনে অবাঞ্চিত পৰিস্থিতিৰ বাবে পাঠশালাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে যদিও সকলোৱে তেওঁক কৰ’না যুদ্ধৰ দুৰ্দান্ত সৈনিক আখ্যা দি তেওঁৰ লগতে পৰিয়ালৰ সু-স্বাস্থ্য কামনা কৰিছে ।

Exit mobile version