৬০ দিনৰ ব্যৱধানত তিনিবাৰকৈ কৰ’না পজিটিভ

5eb2a4cf67b0a908d8c641df

কৰ’না ভাইৰাছে কিদৰে মানুহক শাৰীৰিক -মানসিকভাৱে অস্থিৰ কৰি তুলিব পাৰে,তাৰেই যেন চূড়ান্ত নিদৰ্শন আমেৰিকাৰ এজন ২৬ বছৰীয়া যুৱক । দুমাহৰ ভিতৰত তিনিবাৰকৈ কৰ’না পজিটিভ হোৱাৰ ফলত সম্প্ৰতি অধৈৰ্য হৈ পৰিছে টেক্সাছৰ নিবাসী ক্ৰিষ্টিয়ান বাৰ্মিয়া । উল্লেখ্য যে যোৱা ১৯ মাৰ্চত প্ৰথমবাৰলৈ বাৰ্মিয়াৰ শৰীৰত কৰ’নাৰ উপস্থিতি ধৰা পৰে । তেতিয়াৰে পৰাই বিগত ৫২ দিন ধৰি যুৱকজন আইছ’লেছনত আছে ।

 

এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত বাৰ্মিয়াই কয়,’আগৰ দৰে ঘ্ৰাণশক্তি নোহোৱা হৈ পৰিছে । নাকত কোনো গন্ধই এতিয়া নালাগে । শৰীৰ সকলো সময়তে অত্যন্ত দুৰ্বল লাগি থাকে, মূৰ ঘূৰাই । জ্বৰ, ডিঙিৰ বিষ লাগিয়ে আছে । ইমানদিন ধৰি ভুগি আছো, এতিয়া সন্দেহ হৈছে যেন মই আৰু জীয়াই নাথাকিম ।’ বাৰ্মিয়াই অৱগত কৰে যে এই সপ্তাহতে তেওঁৰ পুনৰ এক কৰ’না পৰীক্ষা হ’ব । আগন্তুক কিছু মাহত তেওঁৰ বহুবাৰ পৰীক্ষা হ’ব বুলিয়ে জনাইছে যুৱকজনে ।

Exit mobile version