ৰাজ্যত দ্বিতীয়জন কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যু নিশ্চিত কৰিলে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

himanta 1587224358

ৰাজ্যত দ্বিতীয়জন কৰ’না আক্ৰান্ত ৰোগী মৃত্যু হোৱা ঘটনা নিশ্চিত কৰিলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | প্ৰকৃত চিকিৎসাৰ অভাৱত মৃত ১৬ বছৰীয়া দীপিকা নাথ লখৰাৰ বাসিন্দা | মৃত্যুৰ পাছত নমুনা সংগ্ৰহ কৰা হৈছিল কিশোৰাগৰাকীৰ | ভৰিত বিষ অনুভৱ কৰি ২৭ এপ্ৰিলত জ্বৰত আক্ৰান্ত হৈছিল দীপিকা | বেলতলা ইএছআই হাস্পতালত চিকিৎসা গ্ৰহণ কৰি বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্মৰত আইতাক মালতী বাছফৰ ঘৰলৈ ভনীয়েকৰ লগত যায় |

সাত মে’ত পুৱা ভৰিত বিষ হৈ সন্ধিয়া বমি হৈ মৃত্যু হয় | মৃত্যুৰ ঘটনা জিএমচিএইচত কতৃপক্ষই অৱগত হৈ কৰ’নাৰ নীতি-নিৰ্দেশনা মাজেৰে কিশোৰীগৰাকী সৎকাৰ কৰা হয় আৰু নমুনা সংগ্ৰহ কৰা হয় | কালি কিশোৰীগৰাকী নমুনা পৰীক্ষা ফলাফল পজিটিভ আহে | ইতিমধ্যে কিশোৰীগৰাকীৰ ঘৰ লখৰা, বেলতলা হাস্পতাল আৰু বি. বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানত কন্টেক টেষ্টিং কাম আৰম্ভ কৰি বি. বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানক কণ্টেইনমেন্ট জ’ন হিচাপে চিহ্নিত কৰা হৈছে |

Exit mobile version