বিগত প্ৰায় এবছৰ ধৰি কাৰাগাৰত বন্দী হৈ আছে ছৌদি আৰবৰ ৰাজকুমাৰী বাছমাহ বিনতে ছৌদ। সম্প্ৰতি কাৰাগাৰতে কৰ’না ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱাৰ আতংকই ৰাজকুমাৰীক চিন্তিত কৰি তুলিছে । সেইবাবে তেওঁ ছৌদি বাদশ্বাহ ছলমান আৰু যুৱৰাজ মোহম্মদ বিন ছলমানলৈ মুক্তিৰ আবেদন জনাইছিল যদিও কোনো সঁহাৰি নাপালে । উল্লেখ্য যে ৰাজকুমাৰী বাছমাহক কাৰাগাৰৰ পাছফালৰ কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ঘটা এক স্থানত বন্দী কৰি ৰখা হৈছে ।
ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাজকুমাৰীয়ে আশংকা কৰিছে যে তেওঁৰ কাৰাগাৰতে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিব পাৰে । ৫৬বছৰীয়া বাছমাহ হৈছে ছলমান বিন আব্দুল আজিজ আল ছৌদৰ কন্যা। সমাজ সংস্কাৰক হিচাপে পৰিচিতা বাছমাহক ছৌদি ৰাজপৰিয়ালৰ বিৰুদ্ধাচৰণৰ অভিযোগত বন্দী কৰা হৈছিল । ৰাজকুমাৰীৰ পৰিয়ালৰ তৰফৰ পৰা জনোৱা মতে, যোৱা বছৰৰ মাৰ্চত ছুইজাৰলেণ্ডলৈ চিকিৎসাৰ বাবে যোৱাৰ সময়ত তেওঁক আটক কৰা হৈছিল ।
ইয়াৰ পাছৰে পৰা ৰাজকুমাৰী বাছমাহ সন্ত্ৰাসবাদী, শাস্তিপ্ৰাপ্ত তথা ৰাজনৈতিক বন্দী সকলক ৰখাৰ বাবে জনাজাত ৰিয়াধৰ উচ্চ নিৰাপত্তাবিশিষ্ট আলহায়ৰ কাৰাগাৰত বন্দী হৈ আছে । তাতেই তেওঁৰ কৰ’নাত আক্ৰান্ত হোৱাৰ আশংকা আছে আৰু মৃত্যুও হ’ব বুলি ধাৰণা কৰিছে । যোৱা মাহত নিজৰ টুইটাৰ একাউণ্টত বাছমাহে লিখিছিল, ‘আপোনালোকে হয়তো জানে যে মোক বিনা বিচাৰে আল -হায়ৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে । বৰ্তমান মোৰ শাৰীৰিক অৱস্থা একেবাৰে ভাঙি পৰিছে । ইয়াৰ ফলত মোৰ মৃত্যুও হ’ব পাৰে ।মই কোনো চিকিৎসা পোৱা নাই । আনকি এই পত্ৰ কাৰাগাৰৰ পৰা ৰাজদৰবাৰ পোৱাৰ পাছতো মোক চিকিৎসা প্ৰদান কৰা নাই ।’