তলাবন্ধৰ মাজতে নিজগৃহত প্ৰেয়সীক প্ৰৱেশৰ অনুমতি দিয়াৰ অভিযোগত দায়িত্বৰ পৰা অব্যাহতি ল’লে ব্ৰিটেইনৰ এজন প্ৰভাৱশালী বিজ্ঞানীয়ে । কৰ’নাৰ বিৰুদ্ধে সংগ্ৰামত ব্ৰিটিছ চৰকাৰৰ অন্যতম যোদ্ধা প্ৰফেচাৰ নিয়েল ফাৰ্গুছনে নিজৰ পদত্যাগ পত্ৰত লিখিছে যে নিয়ম উলংঘা কৰাৰ বাবেই তেওঁ এই সিদ্ধান্ত ল’লে । দেশখনৰ এক সংবাদ মাধ্যমৰ মতে, ফাৰ্গুছনে নিজৰ প্ৰেমিকা এন্ট’নিয়া ষ্টেটছক নিজগৃহত প্ৰৱেশ কৰিবলৈ দিছিল । ইয়াৰ দ্বাৰাই তেওঁ চৰকাৰী নিয়ম ভংগ কৰে ।
উল্লেখ্য যে ফাৰ্গুছন প্ৰভাৱশালী সদস্য আছিল । ব্ৰিটিছ চৰকাৰে ক’ভিড -১৯ বা কৰ’না ভাইৰাছৰ মোকাবিলাৰ বাবে যিবোৰ নীতি-নিৰ্দেশনা দিছে, সেইবোৰ প্ৰস্তুত কৰাত ফাৰ্গুছনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ফলত তেওঁৰ পদত্যাগ এছএজিই গ্ৰুপ তথা ব্ৰিটিছ মন্ত্ৰীসকলৰ বাবে বৃহৎ আঘাতৰূপে চিহ্নিত হৈছে । মন কৰিবলগীয়া যে ফাৰ্গুছন নিজেও ক’ভিড -১৯ ত আক্ৰান্ত হৈছিল । যোৱা ১৮ মাৰ্চত তেওঁৰ শৰীৰত জ্বৰ আৰু কৰ’না ভাইৰাছৰ উপসৰ্গই দেখা দিয়ে । কিন্ত নিজ গৃহত আইছ’লেছনত থকা অৱস্থাত তেওঁ প্ৰেয়সীৰ স’তে নিবিড় সময় অতিবাহিত কৰিছিল ।
এই তথ্য সদৰী কৰি প্ৰফেচাৰ ফাৰ্গুছনে কয়, ‘এটা ভুল কাম কৰিছো বুলি মই মানি লৈছো । সেয়ে মই এছএজিইৰ পৰা নিজক আঁতৰাই আনিছো।’ ফাৰ্গুছনে লগতে কয় যে কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত তেওঁ দুসপ্তাহলৈ আইছ’লেছনত আছিল । এই ভয়াবহ মহামাৰীৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাৰ নিয়ম মানিব নোৱাৰি গভীৰ দুখ প্ৰকাশ কৰিছে ফাৰ্গুছনে । উল্লেখ্য যে এছএজিই দলত ৫০জন সদস্য আছে । কৰ’না ভাইৰাছ সম্পৰ্কে নিয়মিত কিছু ফিচাৰ চৰকাৰক জানিবলৈ দি তেওঁ সবাতোকৈ প্ৰভাৱশালীসকলৰ অন্যতম হৈ উঠিছিল । যোৱা মাৰ্চত ফাৰ্গুছনৰ নেতৃত্বত ইম্পেৰিয়াল কলেজৰ এখন গৱেষণা পত্ৰ প্ৰকাশ পোৱাৰ পাছতে তেওঁ শিৰোনামলৈ আহে ।উক্ত প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে ব্ৰিটেইনে যদি সামাজিক দূৰত্ব বজাই ৰাখিব নোৱাৰে, তেন্তে কমেও আঢ়ৈ লাখ লোকৰ মৃত্যু হ’ব পাৰে । ফাৰ্গুছনে লগতে কৈছিল যে এতিয়াই তলাবন্ধ প্ৰত্যাহাৰ কৰিলে এই বছৰতে ব্ৰিটেইনত লক্ষাধিক লোকৰ মৃত্যু হ’ব পাৰে ।
ADVERTISEMENT