তলাবন্ধৰ অনুভৱ : প্ৰদীপ বৰুৱা

PRADIP KUMAR BARUA

PRODEEP KUMAR BARUA

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাৰ বিষয়ে আগেয়ে গম পাইছিলো। সাৱধান হোৱাৰ কথাহে। সেয়ে ইয়াক লৈ আতংকিত হোৱা নাছিলো । ‘সাৱধানীৰ মৰণ নাই’ বুলি কথা এষাৰ আছে, সেয়ে তলাবন্ধৰ সময়ছোৱাত পৰিবাৰ আৰু মই দুয়ো ঘৰতে আছো। প্ৰথম পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত এবাৰ নে দুবাৰ মই ওচৰৰ বজাৰলৈকে গৈছিলো । ৬০-৬৫ বছৰৰ উৰ্দ্ধৰ মানুহৰ এই সময়ছোৱাত বাহিৰলৈ ওলাব নাপায়। বয়সৰ ফালৰ পৰা বাহিৰলৈ ওলোৱাটো মোৰ বাবে নিষেধ । এতিয়া আৰু মই বাহিৰলৈ ওলাই যোৱা নাই। বাহিৰলৈ ওলাই যোৱাৰ বিশেষ চখো নাই। ঘৰতে স্বাভাৱিক ভাৱে আমি দুয়োৱে সময় অতিবাহিত কৰিছো।

 

বাহিৰলৈ ওলাই নগলেও খোৱা বোৱাত কষ্ট হোৱা নাই। বাৰীতে শাক পাচলি আছে। এই সময়ছোৱাত বাৰীৰ শাক পাচলি খাইছো। আলু পিয়াঁজহে বজাৰৰ পৰা আনিবলগীয়া হৈছে। আমাক সহায় কৰাৰ বাবে এজন ডেকা ল’ৰা আছে। মই বাহিৰলৈ যোৱাটো বন্ধ কৰাৰ পাছৰে পৰা তেঁৱেই প্ৰয়োজনীয় সামগ্ৰী বজাৰৰ পৰা আনিছে। পূৰ্বৰে পৰা আমি দুয়োৱে বাসগৃহৰ চৌহদতে খোজ কাঢ়ো। লগতে ব্যায়াম-প্ৰণায়াম আদিও নিয়মিত ভাৱে কৰো। সেইবাবে আমাৰ দুয়োৰে কোনো বিশেষ ব্যাধি নাই। তথাপি উচ্চ ৰক্তচাপৰ বাবে লগা দৰবখিনি পূৰ্বৰে পৰা ঘৰতে মজুত আছে। গতিকে এই সময়ছোৱাত দৰবৰ বাবেও বাহিৰলৈ যাবলগীয়া হোৱা নাই।

তলাবন্ধক লৈ আমি অতিষ্ঠ হোৱা নাই বিৰক্তও হোৱা নাই। স্বাভাৱিকতে আমি সময় অতিবাহিত কৰিছো। বাৰীৰ পৰা অনা শাক পাচলি সমূহ পৰিবাৰে যতনেৰে ৰন্ধা-বঢ়া কৰিছে। মই ৰান্ধিব নোৱাৰো, কিন্তু পাৰিবাৰক ইটো সিটো সহায় কৰি দিছো। বাৰীৰ শাক-পাচলিৰ পৰা আৰম্ভ কৰি ফুলৰ বাগিচালৈকে আমি দুয়োৱে মিলি যতন লৈছো। ফুলৰ পুলিৰ গুৰি খোচৰাৰ পৰা আৰম্ভ কৰি পানী দিয়ালৈকে সকলো কৰিছো। এই সময়ছোৱাতে ঘৰৰ বহুত কাম হৈছে। বিশেষকৈ বহু দিনৰ পৰা কৰিম কৰিম বুলি কৰিব নোৱাৰা এটা কাম কৰিলো। সেইটো হৈছে মোৰ কিতাপৰ আলমাৰীটো চাফ-চিকুণ কৰা । তলাবন্ধৰ সময়ছোৱাতে মই কিতাপৰ আলমাৰীটো চাফ-চিকুণ কৰিলো । বহুখিনি পুৰণি কিতাপো উদ্ধাৰ হ’ল এই সময়ছোৱাতে। বেলেগে পঢ়িবলৈ নি ঘূৰাই নিদিয়া বুলি ভাবি থকা বহুকেইখন পুৰণি কিতাপ উদ্ধাৰ কৰিবলৈ পাই যথেষ্ট ভাল লাগিছে।

 

তলাবন্ধৰ বাবে এতিয়া হাতত অফুৰন্ত সময়। সেয়ে পঢ়িম পঢ়িম বুলি আগৰে পৰা সাঁচি ৰখা ভালেসংখ্যক কিতাপ পঢ়া মেজত সাজু কৰিছো। ইয়াৰ ভিতৰত বিভিন্নজনে চখতে মোলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰা গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ সংকলন আদি আছে। অৱশ্যে এই সময়ছোৱাত মই লিঅ’ টলষ্টয়ৰ ৱাৰ এণ্ড পীচ’ গ্ৰন্থখন অধ্যয়ন কৰি আছো। এইখনৰ আকাৰ বেছি ডাঙৰ। সেইকাৰণে পঢ়োতে মোৰ যথেষ্ট সময় লাগিছে। মোৰ এটা পুৰণি অভ্যাস আছে। একেলগে মই তিনিখনমান গ্রন্থ অধ্যয়ন কৰো। ইংৰাজী, অসমীয়া, বাংলা ভাষাৰ। পপঢ়াৰ বাবে নিৰ্ধাৰিত কোনো সময় নাই। মন গ’লেই হাতত কিতাপ তুলি লওঁ। এই সময়ছোৱাত বাতৰি কাকতৰ লগতে টিভিৰ পর্দাতো চকু ৰাখিছো। খবৰবোৰ পাই থাকিবৰ বাবে। লগতে টিভিত ভাল লগা দুই চাৰিখন ছবি চাইছো। সকলোবোৰ ছবি চাব পৰা বিধৰ নহয় যদিও দুই এখনৰ মান উন্নত।

 

সময়বোৰ ভালদৰে পাৰ হৈছে। মোৰ নাতিনী দূৰত থাকে। পুৱা সদায় ফোন কৰে। আমি দুয়ো কথা পাতো। ওচৰতে পোৱা যেন লাগে। আত্মীয়-স্বজন, ভাগিন ভতিজা সকলেও নিয়মিত খবৰ ৰাখে। আমি বাস কৰা অঞ্চলটোত মই আৰু পৰিবাৰেই সবাতোকৈ বয়োজ্যেষ্ঠ। অঞ্চলটোৰ অন্যান্য লোকসকলেও আমাৰ খবৰ ৰাখে। সন্ধিয়া আমি দুয়োৱে ‘ৰামী’ খেলাটো আমাৰ পুৰণি অভ্যাস। সন্ধিয়া চাহ কাপ খোৱাৰ সময়তে তাচপাত লৈ আমি বহি যাওঁ। প্ৰায় ৩০-৪৫ মিনিট ধৰি ৰামী খেলো। খেলৰ অন্তত হৰা জিকাৰ তথ্য লিখি ৰাখো আৰু মাহৰ শেষত যিয়ে হাৰে জিকাজনক চৰ্ত অনুসৰি মাননি দিব লাগে। স্বাভাৱিক সময়তো আমি ৰামী খেলো, কিন্তু এতিয়া যিহেতু হাতত অফুৰন্ত সময়, গতিকে এই সময়ছোৱাতো আমি ৰামী খেলিছো ।

 

তলাবন্ধৰ বাবে ঘৰৰ ইটো সিটো কামতে ব্যস্ত থাকিবলগীয়া হৈছে। বহুদিন ধৰি পেলাই থোৱা কামবোৰ দুয়োৱে মিলি কৰিবলৈ চেষ্টা কৰিছো। এই সময়ছোৱাত লেখা-মেলা কৰা নহ’ল। তথাপি আক্ষেপ নাই। এই সময়ছোৱাত যদি কষ্টও হৈছে সেয়া সকলোৱে মানি ল’ব লাগিব। সহযোগ কৰাৰ বাহিৰে এই ক্ষেত্ৰত অন্য উপায় নাই। আমি সহযোগ কৰিছো। সাৱধানো হৈছো। সেয়া লৈ আমি অতিষ্ঠও হোৱা নাই, বিৰক্তও হোৱা নাই। আমনিও পোৱা নাই। আমি ভাবো যে শীঘ্ৰে উভতি আহিব সকলোৰে শুভদিন।

Exit mobile version