নগাঁৱৰ গ্ৰামোন্নয়ন বিভাগৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰী নৱকুমাৰ দলে

nagaon pressmeet

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা চতুৰ্দশ বিত্তীয় আয়োগ আঁচনি, মহাত্মা গান্ধী এনেৰেগা আচঁনিকে ধৰি অন্যান্য আঁচনিৰ কামসমূহ অহা বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে। আজি নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত যাদৱ শইকীয়া, জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া সকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি নগাঁৱৰ বিষয়া সকলক এই নিৰ্দেশ দিয়ে মন্ত্ৰী দলেই।

তলাবন্ধৰ সকলো নীতি নিৰ্দেশনা মানি চলি, সামাজিক দূৰত্ব বজাই ৰাখি প্ৰত্যেকেই মাস্ক পৰিধান কৰি জব কার্ডৰ শ্রমিক সকলে এম জি এনেৰেগাকে ধৰি অন্যান্য আঁচনিৰ কামত নিয়োজিত হ’ব লাগিব। আৰু প্ৰধানমন্ত্ৰী আবাসগৃহৰ অধীনত নিৰ্মাণ কৰিবলগা গৃহসমূহ অহা ডেৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। আনহাতে, তলাবন্ধৰ ফলত নগাওঁ জিলাত আবদ্ধ হৈ থকা অন্য ঠাইৰ শ্রমিক সকলকো সোনকালে জব কাৰ্ড দিয়াৰ ব্যৱস্থা কৰি তেওঁলোককো এম জি এনেৰেগাৰ অধীনত কাম কৰাৰ সুবিধা দিবলৈ মন্ত্ৰী গৰাকীয়ে খণ্ড উন্নয়ন বিষয়া সকলক নিৰ্দেশ দিয়ে।

সংবাদিকে জিলাখনৰ বিভিন্ন উন্নয়ন খণ্ডত সংঘটিত হোৱা হোৱা দুৰ্নীতিৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে ৰেচন কাৰ্ড নথকা দৰিদ্ৰ লোকক ১ হেজাৰ টকাকৈ বিতৰণকে ধৰি অন্যান্য আঁচনিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠা জিলাখনৰ তিনিগৰাকী খণ্ড উন্নয়ন বিষয়াৰ ওপৰত তদন্ত কৰাৰ নিৰ্দেশ দিয়া হয়। অৱশ্যে মন্ত্ৰীগৰাকীয়ে উন্নয়ন খণ্ড সমূহৰ নাম প্ৰকাশৰ পৰা বিৰত থাকে।

Exit mobile version