প্ৰতিষেধক অবিহনেই কৰ’নাই এই পৃথিৱীৰ পৰা বিদায় ল’বঃ ড’নাল্ড ট্ৰাম্প

trump disinfect.focal

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছত সম্প্ৰতি ৪০ লাখৰো অধিক লোক আক্ৰান্ত হৈছে ৷ ইয়াৰে দুই লাখ ৭৬ হাজাৰ ২৬৯ জনৰ মৃত্যু হৈছে ৷ আৰু কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে ১৩ লাখ ৮৭ হাজাৰ ৫২৭ জন লোক। কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মন্তব্য কৰিছে যে কৰ’না মহামাৰী কোনো প্ৰতিষেধক অবিহনেই এই পৃথিৱীৰ পৰা মেলানি মাগিব । অৱশ্যে ট্ৰাম্পে আশংকা প্ৰকাশ কৰি কয় যে এই মহামাৰীৰ দ্বাৰা আমেৰিকাত প্ৰায় ৯৫ হাজাৰ মানুহৰ মৃত্যু হ’ব পাৰে ৷

 

ইফালে কেলিফৰ্ণিয়াস্থিত এখন কাৰাগাৰত প্ৰায় ৮০০ কয়দী আৰু ২৫ জন কৰ্মচাৰী কৰ’নাত আক্ৰান্ত হৈছে ৷ হোৱাইট হাউচৰো দুজন বিষয়াৰ শৰীৰত ক’ভিড-১৯ ৰ লক্ষণ পোৱা গৈছে ৷ ইয়াৰ লগে লগে হোৱাইট হাউচত সকলো ধৰণৰ সতৰ্কতা অৱলম্বন কৰিছে কৰ্তৃপক্ষই ।  কৰ’না মহামাৰীত আটাইতকৈ বেছি প্ৰভাৱ পেলাইছে আমেৰিকাত । এই পৰ্যন্ত আমেৰিকাত ১৩ লাখ ২১ হাজাৰ ৭৮৫ জন লোক কৰ’নাত আক্ৰান্ত হৈছে  ৷ ৭৮,৬১৫ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ২লাখ ২৩ হাজাৰ ৬০৩ জন লোক সুস্থ হৈ উঠিছে কৰ’নাত ৷

ইটালীত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে প্ৰায় ৩০ হাজাৰ ৷ শুক্ৰবাৰে ইটালীত মৃত্যু হয় ২৪৩ জন লোক ৷ দেশখনত কৰ’নাত আক্ৰান্ত হোৱা প্ৰথম ঘটনাটো পোহৰলৈ আহিছিল ২১ ফ্ৰেব্ৰুৱাৰীত ৷

আনহাতে কৰ’নাৰ কাৰণে তলাবন্ধ দিয়া অষ্ট্ৰেলিয়া খোলাৰ সময় আহি পৰিছে বুলি মন্তব্য দিছে প্ৰধানমন্ত্ৰী স্কট মাৰিশ্যন ৷ প্ৰথমৱস্থাত বিদ্যালয়, মহাবিদ্যালয় খোলাৰ পিছতে খুলিব সৰু সৰু দোকান । ইয়াৰ পিছত ২০ জন লোকক সমজুৱা ভাৱে একত্ৰিত হোৱাৰ অনুমতি দিব । তৃতীয় পৰ্যায়ত ১০০ জন লোক একত্ৰিত হোৱাৰ অনুমতি দিব ৷ আনহাতে দেশখনৰ বহু প্ৰান্তত তলাবন্ধ খোলাৰ কাৰণে চৰকাৰক আহ্বান জনাইছে জনসাধাৰণে ।

কৰ’না ভাইৰাছৰ কাৰণে কুৱেটত তিনি সপ্তাহৰ কাৰণে কাৰ্ফিউ জাৰি কৰিছে । কাৰ্ফিউ দেওবাৰে বিয়লি ৪ বজাৰ পৰা আৰম্ভ হৈ ৩০ মে’ত শেষ হ’ব । বাহন চলাচলত কোনো শিথিলতা নাথাকিব ৷ কিন্তু লোকসকলে বিয়লি ৪.৩০ৰ পৰা ৬.৩০ বজালৈকে ঘৰৰ আশে-পাশে ব্যায়াম কৰিবলৈ ওলাব পাৰিব । কুৱেটত এতিয়ালৈকে সাত হাজাৰ ২০৮ জন কৰ’নাত আক্ৰান্ত হৈছে ৷

ৰুছৰ ৰাজধানী মস্কোত বিগত ২৪ ঘন্টাত ৫৪ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ ইয়াৰ পিছত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ১০১০ জন ৷ সম্প্ৰতি মস্কো যেন কৰ’না ভাইৰাছৰ সংক্ৰমণৰ কেন্দ্ৰ হৈ পৰিছে। উল্লেখযোগ্য যে ভাৰতবৰ্ষতো বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা । এই পৰ্যন্ত ভাৰতত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৫৯,৮৮১ জন, মৃত্যু হৈছে ১৯৯০ আনহাতে সুস্থ হৈছে ১৭,৯৫৬ জন ।

Exit mobile version