সুদীৰ্ঘ দুমাহৰ অন্তত পত্নী গৰিমা গাৰ্গসহ গৃহাভিমুখী হ’ল জুবিন গাৰ্গ

zubeen copy

তলাবন্ধৰ মাজতে মায়ানগৰী মুম্বাইৰ পৰা গৃহাভিমুখী শ্লীপাৰ বাছত শুক্ৰবাৰে ৰাওনা হৈছে জনপ্ৰিয় কণ্ঠোশিল্পী জুবিন গাৰ্গ ৷ দীঘলীয়া এই বাছযাত্ৰাত জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীক সংগ দিছে পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে দুই সতীৰ্থ পাৰ্থজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাই । মুম্বাইৰ পৰা আন্ধেৰীস্থিত নিজ বাসগৃহৰ পৰা গুৱাহাটীলৈ যাত্ৰাৰ পূৰ্বে জনপ্ৰিয় কণ্ঠশিল্পীজনে ৰাজ্য চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লৈছে । চৰ্তসাপেক্ষে অনুমতিৰ ভিত্তিতে শুক্ৰবাৰে দুই সতীৰ্থৰ লগতে পত্নী গৰিমাসহ জুবিন গাৰ্গে মুম্বাইৰ পৰা বিয়লি ৫.৫০ বজাত গুৱাহাটী অভিমুখে ৰাওনা হয় । ৰাওনা হোৱাৰ পূৰ্বে শিল্পীজনে সুস্থ হৈ থকা বুলি অনুৰাগীক জনা য়। আৰক্ষীৰ এক সূত্ৰই শুক্ৰবাৰে এই কথা সদৰী কৰে ।

 

লগতে গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে জুবিনসহ কেউজন বাধ্যতামূলকভাৱে ১৪ দিনৰ কোৱাৰেন্টাইনত থাকিব বুলি সূত্ৰটোৱে জনাই। উল্লেখযোগ্য যে মহানগৰীৰ এক অনুষ্ঠানত অংশ লোৱাৰ সময়তে অসুস্থ হৈ পৰা জুবিনে উন্নত চিকিৎসাৰ বাবে যোৱা ন মাৰ্চত মুম্বাইলৈ ৰাওনা হয় । যোৱা ২০ মাৰ্চত মহাৰাষ্ট্ৰ চৰকাৰে তলাবন্ধ ঘোষণা কৰাৰ পিছত মুম্বাইৰ আন্ধেৰীস্থিত বাসগৃহত পত্নীসহ আৱদ্ধ হৈ পৰে জুবিন ৷ তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ সময়তে আন্তঃৰাজ্যিক যাতায়ত ব্যৱস্থা মুকলি হোৱাৰ পিছত ৰাজ্য চৰকাৰৰ অনুমতি লৈ গৃহাভিমুখী হয় জুবিন গাৰ্গ।

Exit mobile version