তলাবন্ধৰ অনুভৱঃফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

মই যিটো স্বাভাৱিক জীৱন-যাপন কৰো, তলাবন্ধৰ জীৱনৰ লগত তাৰ বিশেষ পাৰ্থক্য নাই । এনেয়েও অৱসৰৰ পাছত বেছিভাগ সময় ঘৰতে থাকো । কাচিৎহে মেলে মিটিঙলৈ যাবলগীয়া হয় । বাকী সময়ছোৱাত ঘৰতে থকাটো মোৰ অভ্যাস । তলাবন্ধৰ সময়তো ঘৰতে আছো । ব্যক্তিগতভাৱে মই বিশেষ একো অস্বাভাৱিকতা অনুভৱ কৰা নাই আৰু জীৱনত এনে এটা বয়স পালো যে এই বয়সত এনে ধৰণৰ উদ্বেগজনক খবৰে হওক অথবা মহামাৰীয়ে হওক কিয় আমি শান্তভাৱে গ্ৰহণ কৰিব পাৰো । তথাপি বাহিৰৰ মানুহৰ যিখিনি অৱস্থা দেখিছো তাকে লৈ কিছু অস্থিৰতাত ভূগিছো । সেয়ে ব্যক্তিগত পৰ্যায়ত যাক যেনে ধৰণে সহায় কৰিব পাৰো সেয়া কৰিবলৈ চেষ্টা কৰিছো ৷

সৃষ্টিশীল ক্ষেত্ৰখনত প্ৰথমতে ভাবিছিলো যে কিবা কিবি বহুত গুৰুত্বপূৰ্ণ কাম কৰিম । কিন্তু আজি এই দীঘলীয়া সময় অতিক্ৰম কৰাৰ পাছত ভাবিছো যে সৃষ্টিশীল ক্ষেত্ৰখনত বৰ বেছি সক্ৰিয় হ’ব নোৱাৰিলো ।এইখিনি সময়ত অৱশ্যে কিছু পৰিমাণে অধ্যয়নৰ সুযোগ পাইছো ৷ বিশেষকৈ কবিতা পুথি এখন সংকলনৰ কাম চলি আছে ৷ চলিত বৰ্ষৰ শেষৰফালে মোৰ একমাত্ৰ কবিতা পুথিখন প্ৰকাশ পাব বুলি আশা কৰিছো ৷ কবিতা পুথিখনৰ সংক্ৰান্তত মই ইতিমধ্যে বহু খিনি আগবাঢ়িছো । ইয়াৰোপৰি দুখনমান সংকলনৰ কামো সমান্তৰালকৈ অব্যাহত ৰাখিছো তলাবন্ধৰ সময়ছোৱাত । কেইটামান সংকলন কৰিবলগীয়া আছিল যদিও ইয়াক চূড়ান্ত ৰূপ দিয়া হোৱা নাই । কিন্তু এই সম্পৰ্কতো মই সম্পাদনাকে ধৰি কিছু কাম কৰি আছো ।

এই সময়ছোৱাত মনৰ মাজত উপন্যাসৰ বাবে কিছু সমল আহিছে ৷ অৱশ্যে খুব এটা সাৰ্থক হৈছে বুলি ক’ব নোৱাৰো । প্ৰাৰম্ভিক কামহে আৰম্ভ কৰিছো । কিছু সংখ্যক উপন্যাসিকা এতিয়াও পুথি আকাৰে প্ৰকাশ হোৱা নাই । সেই উপন্যাসসমূহতো হাত ফুৰাইছো । ইয়াৰ উপৰি আন এটা সংকলন প্ৰকাশৰ চিন্তা কৰিছো । মই পূৰ্বতে যিখিনি লিখিছো, ইমানদিনে সৃষ্টিশীল লেখাৰ জৰিয়তেনো মই কি কথা ক’লো, মই কি সৃষ্টি কৰিলো তাৰ পৰা সমাজৰ কিবা লাভ হ’ল নে নাই মোৰ ব্যক্তিগত পৰ্যায়তে কিবা হ’ল, এই সৃষ্টিশীল লেখাসমূহতনো গুৰুত্বপূৰ্ণ কিবা কথা আছিল নে নাই এই সকলোবোৰ সামৰি নিজৰ ফালৰ পৰাই মই এটা পৰ্যালোচনা কৰিব বিচাৰিছো এই সংকলনৰ জৰিয়তে । এই সংকলনটো প্ৰায় দুশ পৃষ্ঠাৰ হ’ব

৷বৰ্তমানৰ সময়তে এই সংকলনৰ কাম শেষ কৰিব বিচাৰিছো । লগতে এইখিনি সময়ত কে’বাটাও নতুন কবিতা লিখিছো ৷ তলাবন্ধৰ ওপৰতো দুই এটা কবিতা লিখিছো । অন্য এটা পৰিকল্পনাও কৰিছিলো এই সময়ছোৱাতে ৷ সৃষ্টিশীল ক্ষেত্ৰখন ডিজিটেল ফৰ্ম’লৈ নিয়াৰ বাবে চেষ্টা কৰিছো । তাৰ বাবে কাৰিকৰী বিশেষজ্ঞৰ সহায় লৈ পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছো ৷ চলিত বৰ্ষৰ শেষৰ ফালে প্ৰকাশ পাবলগীয়া মোৰ একমাত্ৰ কবিতা সংকলনখনৰ কলেবৰ প্ৰায় তিনিশ পৃষ্ঠা হ’ব ৷ খুব সম্ভৱ মোৰ জীৱনৰ এইখনেই একমাত্ৰ কবিতা সংকলন হ’ব । এই সংকলনত মই এতিয়ালৈকে লিখা প্ৰায়বোৰ কবিতাই সন্নিৱিষ্ট হ’ব ৷ এজন অভিজ্ঞ ব্যক্তিয়ে এই কবিতাসমূহৰ ওপৰত পৰ্যালোচনা কৰি আছে ৷

Exit mobile version