পৰিৱৰ্তন হৈছে নেকি কৰ’নাৰ লক্ষণ?

3coronavirus 82

উপসৰ্গহীনভাৱে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৰাজ্যৰ অধিকাংশ লোক। ইয়াৰ মাজতে আছে নতুন লক্ষণেৰে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগী। অৱশ্যে ইয়াক লৈ আৰু অধিক অধ্যয়নৰ প্ৰয়োজন আছে ৷ এই মন্তব্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মেডিচিন বিভাগৰ সহযোগী অধ্যাপক তথা ক’ভিড-১৯ ৰাজ্যিক ন’ভেল বিষয়া ডা° বসন্ত হাজৰিকাৰ । দৈনিক অগ্ৰদূত”ৰ আগত এই কথা সদৰী কৰি ডা° হাজৰিকাই কয় “ৰাজ্যত এই পৰ্যন্ত শিশু মহিলাসহ ৬২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে । কিন্তু ইয়াৰে অধিকাংশৰ শৰীৰতে নাই কৰ’না ভাইৰাছৰ লক্ষণ ৷ পৰীক্ষাৰ অন্ততহে এইসকল লোক কৰ’নাত আক্ৰান্ত বুলি নিশ্চিত কৰা হৈছে ৷ এই পৰিপ্ৰেক্ষিতত বিষয়টো প্ৰত্যাহ্বানপূৰ্ণ হৈ উঠিছে ৷

ৰাজ্যত যিসকললোক কৰ’নাত আক্ৰান্ত হৈছে তেওঁলোকৰ অধিকাংশৰে ভ্ৰমণ বৃত্তান্ত আছে নতুবা কৰ’নাৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে জাৰি কৰা এই সম্পৰ্কীয় নিৰ্দেশনাৰ ভিত্তিতে ভ্ৰমণ বৃত্তান্ত থকা আৰু কৰ’না সংক্ৰমিত লোকৰ সংস্পৰ্শলৈ অহা ব্যক্তিৰ পৰীক্ষা কৰা হৈছে ৷ এই পৰীক্ষাৰ সময়তে ৰাজ্যৰ অধিকাংশ লোক কৰ’নাৰ দ্বাৰা আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে। কিন্তু এইসকলৰ অধিকাংশৰ দেহতেই কৰ’না ভাইৰাছৰ লক্ষণ নাই। অতি নগণ্যসংখ্যক লোকৰ দেহতহে কৰ’না ভাইৰাছৰ লক্ষণ দেখা গৈছে । ৰাজ্যৰ প্ৰথমজন কৰ’নাত আক্ৰান্ত ৰোগী মহম্মদ জামালুদ্দিন দীৰ্ঘদিন ধৰি কৰ্কট ৰোগতো আক্ৰান্ত হৈছিল যোৱা ৩১ মাৰ্চত কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সময়ত অৱশ্যে তেওঁ কাহ আৰু চৰ্দি জ্বৰত আক্ৰান্ত হৈছিল ।

একেদৰে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ যোৱা ১০ এপ্ৰিলত চিকিৎসাধীন অৱস্থাতে প্ৰাণ ত্যাগ কৰা বৰাক উপত্যকাৰ ফাইজুল হক বৰভুঞাই শ্বাস-প্ৰশ্বাসত যথেষ্ট কষ্ট পাইছিল ৷ সেইদৰে পূৰ্বৰে পৰা হাপানী ৰোগত আক্ৰান্ত হৈ থকা মহানগৰীৰ আৰ জি বৰুৱা পথৰ স্পনিছ গাৰ্ডেন এপাৰ্টমেণ্টৰ বাসিন্দা মণিষ তিব্ৰেৱালৰ শৰীৰতো কাহ, চৰ্দি, জ্বৰৰ লক্ষণ আছিল । ভ্ৰমণ বৃত্তান্ত আৰু কাহ,চৰ্দি, জ্বৰত ভুগি থকা তিব্ৰেৱালৰ শৰীৰত পৰৱৰ্তী সময়ত কৰ’নাৰ অৱস্থিতি ধৰা পৰে ।জ্বৰ-কাহৰ লগতে ডায়েৰীয়াত ভোগাটো কৰ’নাত আক্ৰান্ত হোৱাৰ অন্যতম লক্ষণ বুলি উল্লেখ কৰি তেওঁ কয় যে জ্বৰ, চৰ্দি, কাহ, খাদ্যৰ সোৱাদ নোপোৱা, গোন্ধ নোপোৱা, ভৰিৰ বিষ আদিও কৰ’নাত আক্ৰান্ত হোৱাৰ লক্ষণ হ’ব পাৰে । ইয়াৰ লগতে শেহতীয়াকৈ সংযোজন হৈছে ডায়েৰীয়াও।

এনেবোৰ লক্ষণ উপসৰ্গ দেখা দিয়া মাত্ৰকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ৷ জ্বৰ, চৰ্দি, কাহৰ লগতে ডায়েৰীয়াৰ লক্ষণ থকা মহানগৰীৰ খাৰঘূলিৰ বৰদা দাসৰ শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । সম্প্ৰতি তেওঁ চিকিৎসাধীন । গতিকে ডায়েৰীয়াও যে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ এটা লক্ষণ সেয়া স্পষ্ট হৈছে । তেওঁ এইদৰে কয় । লগতে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ প্ৰয়োজনীয় চিকিৎসা অবিহনে মৃত্যুবৰণ কৰা মহানগৰীৰ লখৰাৰ দীপিকা নাথৰ জ্বৰ-বমিৰ উপৰি ভৰিৰ বিষ হৈছিল বুলি আত্মীয়সকলে অৱগত কৰিছে । তদুপৰি কৰ’নাত আক্ৰান্ত হোৱাসকলৰ ভিতৰত ৰাজ্যৰ কোনো এজনৰে খাদ্যৰ সোৱাদ নোপোৱা অথবা গোন্ধ নোপোৱা উপসৰ্গই এই পৰ্যন্ত দেখা দিয়া নাই বুলিও ডা° হাজৰিকাই প্ৰকাশ কৰে।

Exit mobile version