কৰ’নাৰ কোনো লক্ষণ ফুটি উঠা নাছিল মৃত দীপিকা নাথৰ শৰীৰত

কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ যোৱা সাত মে’ত শেষ নিশ্বাস ত্যাগ কৰা দিপীকা নাথৰ শৰীৰত কৰ’নাৰ কোনো লক্ষণ ফুটি উঠা নাছিল । এই দাবী কৰিছে ই এছ আই চি হাস্পতাল কৰ্তৃপক্ষই ৷ কৰ’নাৰ সকলো লক্ষণ ফুটি উঠাৰ পাছতো প্ৰয়োজনীয় নমুনা সংগ্ৰহ নকৰাটো চিকিৎসকৰ ভুল বুলি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ই এছ আই চি হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডা° অপূৰ্ব কুমাৰ শইকীয়াই কয় “কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কোনো লক্ষণ ফুটি উঠা নাছিল দীপিকা নাথৰ শৰীৰত ৷ সেইবাবেই ই এছ আই চি হাস্পতালত চিকিৎসা গ্ৰহণৰ বাবে অহাৰ সময়ত কিশোৰীগৰাকীৰ নমুনা সংগ্ৰহ কৰা হোৱা নাছিল । চিকিৎসালয়লৈ অহাৰ সময়ত কিশোৰীগৰাকীয়ে ভৰি আৰু কঁকালৰ বিষ অনুভৱ কৰিছিল । সেই সময়ত জ্বৰ চৰ্দিকে ধৰি কোনো লক্ষণ নাছিল ৷”

হাস্পতালৰ অস্থিৰোগ বিভাগত কিশোৰীগৰাকী স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছিল যদিও হাস্পতালৰ পঞ্জীয়ন বহীত দীপিকা ৱাচফ’ৰ বুলিহে লিখা আছে ৷ লগতে মূল বাসিন্দা বিহাৰৰ বুলিও ই এছ আই চিৰ কাৰ্ডত উল্লেখ আছে । যোৱা ২৭ এপ্ৰিলত ই এছ আই চি হাস্পতাললৈ অহা বুলি কোৱা হৈছিল যদিও দৰাচলতে যোৱা ২মে’ত কালাপাহাৰস্থিত ই এছ আই চি হাস্পতাললৈ নিয়ে পৰিয়ালৰ লোকে । ইয়াৰ ভিত্তিত চিকিৎসালয়খনৰ চিকিৎসক ডা° মলয় হাজৰিকাই কিশোৰীগৰাকীক প্ৰয়োজনীয় ঔষধ দিয়ে। আৰু চিকিৎসকে উন্নত চিকিৎসাৰ কাৰণে দীপিকাক মহানগৰীৰ জয়ানগৰস্থিত ই এছ আই চি হাস্পতাললৈ নিবলৈ পৰামৰ্শ দিয়ে যদিও পৰিয়ালৰ লোকে চিকিৎসালয়লৈ যোৱাৰ পৰা বিৰত থাকে ৷

সম্প্ৰতি এই বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ ওচৰত এখন প্ৰতিবেদন দাখিল কৰিছে ডা° অপূৰ্ব কুমাৰ শইকীয়াই । তথ্যগত খেলিমেলিৰ বাবে ভুল বুজা বুজি হোৱাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে । লগতে কিশোৰগৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা চিকিৎসক ডা° পলাশ বৰাৰ কৰ’নাৰ ফলাফল নিগেটিভ অহা বুলিও তেওঁ উল্লেখ কৰে।

Exit mobile version