কৰ’না মৃতকৰ স’তেই চিকিৎসা কৰ’না আক্ৰান্তৰ

Screenshot 20200511 200753

কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহৰ স’তেই চিকিৎসা চলিছে কৰ’না আক্ৰান্তৰ । মুম্বাইৰ এখন হাস্পতালত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । হাস্পতাল খনৰ পুৰুষ ৱাৰ্ডত মৃতদেহৰ স’তে এনেদৰে চিকিৎসা চলাৰ দৃশ্য ইতিমধ্যে ছ’চিয়েল মিডিয়াত ‘ভাইৰেল’ হৈ পৰিছে । চিকিৎসা চলি থকা কৰ’না আক্ৰান্তসকলৰ কাষতে একে ৰোগত মৃত্যু হোৱা লোকৰ মৃতদেহ পৰি থকা ভিডিঅ’টো ভাইৰেল হৈ পৰাত সমান্তৰালভাৱেই আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

এটা ম’বাইল ফোনযোগে সংগ্ৰহ কৰা ছবিৰে প্ৰচাৰিত ভিডিঅ’টোত দেখা গৈছে হাস্পতালৰ বিছনাত কৰ’না আক্ৰান্ত ৰোগীৰ চিকিৎসা চলি আছে । এই ৰোগী সকলৰ আশে-পাশেই সিঁচৰতি হৈ পৰি আছে বহুকেইটা মৃতদেহ । একোটা বেগৰ ভিতৰতে কোনোমতে ভৰাই থোৱা অৱস্থাত পৰি আছে কৰ’না আক্ৰান্ত লোকৰ মৃতদেহ কেইটা । মৃত্যু হোৱাৰ পাছতো কৰ’না আক্ৰান্তৰ মৃতদেহ কেইটা আন স্থানলৈ স্থানান্তৰৰ পৰিৱৰ্তে হাস্পতালৰে বিছনা-টেবুলতে পেলাই থোৱা হৈছে । স্বাভাৱিকতে মৃতদেহ কেইটাৰ পৰা পুনৰ আন বহুজন কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পূৰ্ণ আশংকা আছে ।

ভয়ংকৰ এই ভিডিঅ’টো মুম্বাইৰ ছিয়ন হাস্পতালৰ । স্থানীয় প্ৰশাসনৰ দ্বাৰা নিয়ন্ত্ৰিত হাস্পতাল খনত কম পক্ষেও সাতটা মৃতদেহ পুৰুষৰ ৱাৰ্ড টোত পৰি থকা দেখা গৈছে । মৃতদেহ কেইটাৰ ওচৰতে কৰ’না আক্ৰান্তসকলৰ চিকিৎসা চলি থকাৰ লগতে একাংশ ৰোগীৰ পৰিয়ালৰ সদস্যসকলো সেই স্থানতে উপস্থিত আছিল । হাস্পতাল খনত কিমান এক ভয়াৱহ কাণ্ড সংঘটিত হৈছে সেয়া সহজে অনুমেয় । মহাৰাষ্ট্ৰৰ বিজেপি বিধায়ক নীতিশ ৰাণেই এই ভিডিঅ’টো প’ষ্ট কৰি লগতে লিখিছে, ‘ছিয়ন হাস্পতালৰ ৰোগীৰ মৃতদেহৰ কাষতে লোক ঘূৰি আছে । কি চূড়ান্ত গাফিলতিৰ নিদৰ্শন । ই কেনে ধৰণৰ প্ৰশাসন । অতি লজ্জাজনক ।’

এই বিষয়ত ছিয়ন হাস্পতালৰ ডীন প্ৰমোদ ইংগালেই কয় যে কৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ মৃতদেহ তেওঁলোকৰ আত্মীয়সকলে নিবলৈ বিচৰা নাই । তেনে কাৰণতে পৰিয়ালৰ কোনো সন্মতি নথকাত মৃতদেহ বিলাক সেই স্থানত ৰাখি থোৱা হৈছে । অৱশ্যে মৃতদেহ বিলাক পৰিয়ালৰ সন্মতি নোহোৱা বাবেহে তেনেদৰে ৰাখি থোৱা হৈছে বুলি হাস্পতাল কৰ্তৃপক্ষই আত্মপক্ষ সমৰ্থন কৰিবলৈ চেষ্টা কৰা কার্যক এতিয়া কোনেও সহজ ভাৱে ল’ব পৰা নাই ।

Exit mobile version