অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল ৷ কৰ’না ভাইৰাছ, তলাবন্ধ, অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত বহু বিষয়ে স্থান পালে তৰুণ গগৈৰ সংবাদমেলত ৷ চলিত চৰকাৰক কটাক্ষ কৰি তৰুণ গগৈয়ে কয়-
- তলাবন্ধ ভাৰতৰ তথাকথিত বিকাশৰ প্ৰকৃত ছবিখন প্ৰকট কৰিছে ৷
- তলাবন্ধত দেশৰ লাখ লাখ দুখীয়া, সাধাৰণ শ্ৰমজীৱী লোকসকলৰ আলৈ আথানি নোহোৱা হৈছে ৷
- মাতৃয়ে কোলাত কেঁচুৱা,পিতৃয়ে কান্ধত সন্তানক লৈ শ শ মাইল খোজকাঢ়ি গৃহাভিমুখী হৈছে ।
- ইয়াৰ পৰাই ভাৰতৰ বিকাশ প্ৰকৃততে কাৰ হ’ব লাগিছিল আৰু কাৰ হৈছে সেয়া স্পষ্ট হ’ব ।
- চৰকাৰক কটাক্ষ কৰি তৰণ গগৈয়ে কয় যে এইয়া চৰকাৰৰ ভুল নীতিৰ ফলাফল ৷
- বিজেপি চৰকাৰে কামতকৈ প্ৰচাৰতহে অগ্ৰাধিকাৰ দিয়ে ৷
- বিমুদ্ৰাকৰণ, জি এছ টি প্ৰৱৰ্তন আৰু শেহতীয়াকৈ তলাবন্ধৰ ঘোষণাই সাধাৰণ মানুহৰ বিলাই বিপত্তি নোহোৱা হৈছে।
- কেন্দ্ৰই হওক বা ৰাজ্যই হওক চৰকাৰৰ কোনো পৰিকল্পনা নাই ৷
- ছুৰাটত অন্য ৰাজ্যৰ শ্ৰমিকে আন্দোলন কৰাৰ পিছতহে প্ৰধানমন্ত্ৰীৰ গা লৰিছে ।
- এতিয়াহে বিভিন্ন ৰাজ্যৰ শ্ৰমিকবোৰ ঘৰলৈ আহিছে ৷
- বিপদত পৰা লোককো হিমন্ত বিশ্ব শৰ্মাই আনিবলৈ অনিচ্ছা কৰিছে ৷
- নিজৰ মানুহক আনিব নিবিচাৰে, কিন্তু বাংলাদেশীক আনিব বিচাৰে ৷
- ড° হিমন্ত বিশ্ব শৰ্মাই কৈছে, বহিঃৰাজ্যৰ মানুহ আহিলে সংক্ৰমণ বাঢ়িব ৷ হয় বাঢ়িব ৷কিন্তু নিজ ৰাজ্যৰ মানুহক দলিয়াই দিব নেকি ? এই মন্তব্য তৰুণ গগৈৰ ৷
- আনহাতে তলাবন্ধৰ প্ৰত্যাহাৰৰ পোষকতা কৰে তৰুণ গগৈয়ে ৷
- বিশ্বৰ অন্যান্য দেশৰ তুলনাত ভাৰতৰ পৰিস্থিতি বহু ভাল ৷১৭. ইতিমধ্যে ১১ কোটি মানুহে চাকৰি হেৰুৱাইছে ৷
- জীৱিকা উপাৰ্জনৰ ওপৰত এতিয়া গুৰুত্ব দিব লাগে ৷
- উপাৰ্জন, সংস্থাপন নহ’লে মানুহে স্বাস্থ্য কেনেকৈ ৰক্ষা কৰিব।
- মোদীয়ে বছৰি দুই কোটি চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷
- কিন্তু প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়িত নহ’ল। বৰঞ্চ ১১ কোটিয়ে কৰ্মসংস্থাপন হেৰুৱালে ৷ অসমতো হেৰুৱালে ৷
- তলাবন্ধ উঠাই নল’লে লাখ লাখ লোকে জীৱিকা হেৰুৱাব।
- সতৰ্কতা নহয়,আইন প্ৰয়োগ আদিবোৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী পৰ্যায়ত নহয় স্থানীয় পৰ্যায়ত চাব লাগিব।
- অসম চৰকাৰে কামৰ পৰিৱৰ্তে প্ৰচাৰতহে অধিক গুৰুত্ব দিছে ৷
- “আমাক ফ’টো অৰিয়েণ্টেড চৰকাৰ নালাগে” তৰুণ গগৈ ৷
- য’ত দৰকাৰ তাত কাম কৰা,ফ্লাইটেৰে ঘূৰি ফুৰিলে কি হ’ব?
- লগতে পি এম কিষাণ সন্মান নিধিত হোৱা কেলেংকাৰীৰ সন্দৰ্ভত মন্তব্য কৰে তৰুণ গগৈয়ে।
- পি এম কিষাণ সন্মান নিধিত হোৱা কেলেংকাৰীৰ কথা কৃষিমন্ত্ৰীয়ে স্বীকাৰ কৰিছে ৷ ইয়াৰ চি বি আই কেলেংকাৰি হ’ব লাগে ৷বিষয়া নিলম্বন কৰিলেই দায়িত্ব শেষ নহয় ।