তলাবন্ধৰ অনুভৱ: মুকেশ সহাই

মই এতিয়া বাংগালুৰুত । ইয়াত থকা ল’ৰাৰ ঘৰলৈ আহিছিলো । তেতিয়াই তলাবন্ধ ঘোষণা কৰা হয় । অসমৰ ঘৰখনলৈ যাবলৈ সাজু হৈও তলাবন্ধৰ বাবেই ৰৈ দিবলগীয়া হ’ল । গতিকে তেতিয়াৰ পৰা ইয়াতেই আছো । দীঘলীয়াকৈ ৰৈ দিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে আগেয়ে পৰিকল্পনা কৰি থোৱা কামবোৰ কৰাত মোৰ অসুবিধা হৈছে । কিন্তু সাম্প্ৰতিক পৰিস্থিতিত মোৰ ব্যক্তিগত অসুবিধা মোৰ দৃষ্টিত মূল্যহীন । কাৰণ বিশ্ব সম্প্ৰতি সংকটত । কৰ’না মহামাৰীৰ গ্রাসত পৰিছে পৃথিৱী । লাখৰ হিচাপত মানুহৰ মৃত্যু হৈছে। লাখ লাখ লোক আক্ৰান্ত হৈছে । তাৰ প্ৰতিৰোধৰ বাবে, বিশ্বক ৰক্ষা কৰিবলৈ দেশে দেশে তলাবন্ধ ঘোষণা হৈছে । ভাৰতবৰ্ষয়ো সেই নীতি গ্ৰহণ কৰিছে । তাক আমি পালন কৰিবই লাগিব । চৰকাৰে আমাক যিবোৰ নীতি নিৰ্দেশনা দিছে সেইবোৰ প্রতিজন লোকে পালন কৰিবই লাগিব । তেতিয়াহে কৰ’নাৰ সংক্ৰমণৰ শিকলি আমি ছিঙিব পাৰিম । আমি ভয় খোৱাৰ পৰিৱৰ্তে সতৰ্কতা অৱলম্বন কৰিবই লাগিব, জন সচেতনতা গঢ়াত ভূমিকা ল’ব লাগে ।

তলাবন্ধৰ ফলত যি সকল লোক অভাৱ-অনাটনত পৰিছে তেঁওলোকক সক্ষম সকলে সহায় কৰিব লাগে । মই পেঞ্চন পোৱা মানুহ । মোৰ চলিবলৈ অসুবিধা হোৱা নাই । কিন্তু যি সকলে দৈনিক উপার্জনত চলে, যাৰ উপাৰ্জন ইমান দিনে বন্ধ হৈ পৰিছে তেঁওলোকক আমি সহায় কৰিব লাগে। মই বাংগালুৰুৰ ৰেড জ’নত আছো । ইয়াৰ পৰা ওলোৱাৰ প্ৰশ্নই নাই, কিন্তু নিজে যাব নোৱাৰিলেও বাহিৰৰ খবৰ লৈ আছো । মানুহবোৰক কিদৰে সহায় সহযোগিতা কৰিব পাৰি তাৰ বাবে নিয়মীয়াকৈ কথা বতৰা পাতি আছো আৰু এন জি অ’ৰ দ্বাৰা কামবোৰ কৰাৰ চেষ্টা কৰিছো । মই পঢ়ি, নতুন কথা শিকি ভাল পাওঁ । এতিয়াও মই ছাত্ৰ ।

তলাবন্ধৰ সুযোগতে মই আই আই টি কানপুৰৰ পৰা অনলাইনত দুটা পাঠ্যক্ৰম পঢ়িলো । আইনষ্টাইনৰ তত্ত্বৰ সতে জড়িত পাঠ্যক্ৰম । নিজে শিকাখিনি আনকো শিকাব লাগে । সেই কাৰণে সুযোগ পালেই মই ছাত্ৰ ছাত্ৰীক শিক্ষা দিও । দীঘলীয়া তলাবন্ধৰ ফলত শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াও বাধাগ্ৰস্ত হৈছে । তাৰ বাবে মই যথেষ্ট উদ্বিগ্ন । অনলাইনেৰে এতিয়া শিক্ষা দান চলি আছে । কিন্তু শিক্ষানুষ্ঠানত বহি শিক্ষাগ্ৰহণ আৰু অনলাইনত শিক্ষা গ্ৰহণ একে হ’ব নোৱাৰে । বন্ধই হাতত বেছি সময় আনি দিয়াত সাতখন মাত্ৰ কিতাপ পঢ়িলো । নতুন কিতাপ হাতত নাই ।

বৰ্তমানৰ সময় কিমান দীঘলীয়া হ’ব কোনেও নাজানে । তাৰ বাবে প্ৰত্যেকে মানসিকভাৱে সাজু হ’বই লাগিব। পৰিৱেশ জটিল হৈ থাকিলেও দেশ এখন চলিবলৈ চৰকাৰে কোনো কোনো ক্ষেত্ৰত শিথিলতা আনিবলৈ বাধ্য । কিন্তু শিথিলতা মানে স্বাভাৱিক দিনৰ দৰে পৰিৱেশ সৃষ্টি কৰাটো নুবুজাই । শিথিলতাৰ নিয়মবোৰ মানি প্ৰত্যেকে সাৱধানতাৰে চলিব লাগিব । এই সময়ত আমি অতি গুৰুত্ব দিবলগীয়া আৰু এটা কথা হ’ল বৰ্তমানৰ পৰিস্থিতিত পৰৱৰ্তী দিনবোৰত আমি সকলোৱে চৰকাৰৰ মুখলৈ চাই থকা মনোভাৱ এৰিব লাগিব । এয়া সময়ৰ আহ্বান।

Exit mobile version