মুম্বাইত উপযুক্ত চিকিৎসা পোৱা নাই অসমৰ কৰ’না আক্ৰান্ত নাৰ্ছে

daigi saikia1

কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ নামত প্ৰসহন চলিছে মায়ানগৰী মুম্বাইত  চিকিৎসাৰ নামত পুৰুষ মহিলা উভয়কে একেলগে ৰখা হৈছে অস্থায়ীভাৱে স্থাপন কৰা শিবিৰত । অথচ কদৰ্যময় পৰিৱেশত লঘোণে ভোকে থকাৰ পাছতো উপযুক্ত চিকিৎসা পোৱা নাই কৰ’নাত আক্ৰান্তই । এই মন্তব্য মুম্বাইৰ পি ডি হিন্দুজা হাস্পতালৰ ষ্টাফ নাৰ্ছ হিচাপে কৰ্মৰত ডেইজী শইকীয়াৰ । কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পাছত মুম্বাইত সন্মুখীন হোৱা ভয়াৱহ পৰিস্থিতিৰ বিষয়ে দৈনিক অগ্ৰদূতক বৰ্ণনা কৰি মহানগৰীৰ চান্দমাৰি নৱগিৰি পথৰ দুই নম্বৰ উপ পথৰ বাসিন্দা দিৱসমণি শইকীয়াৰ জীয়ৰী ডেইজীয়ে কয়” ২০১৮ ৰ ডিচেম্বৰৰ পৰা মই মুম্বাইৰ মাহিমৰ পি ডি হিন্দুজা হাস্পতালত বি এছ চি ষ্টাফ নাৰ্ছ হিচাপে সেৱা আগবঢ়াই আছো । বৰ্তমানে হাস্পতালখনৰ আই চি ইউত কৰ’নাত আক্ৰান্ত লোকক সেৱা আগবঢ়াই থকাৰ সময়তে ময়ো আক্ৰান্ত হওঁ । কিন্তু পি ডি হিন্দুজা হাস্পতাল কৰ্তৃপক্ষই মোৰ লগতে কেৰেলাৰ তিনি সহকৰ্মী নাৰ্ছ ক্ৰমে জুলিয়েট, প্ৰিপ্ৰিয়া আৰু প্ৰিয়াৰ প্ৰয়োজনীয় চিকিৎসা কৰাৰ বিপৰীতে বৰলীৰ এম এ চি এৰ খেলপথাৰত অস্থায়ীভাৱে স্থাপন কৰা শিবিৰলৈ এম্বুলেন্সেৰে পঠাই দিয়ে ।

চিকিৎসাৰ নামত ৱাৰলীৰ ষ্টেডিয়ামত স্থাপন কৰা শিবিৰত কদৰ্যময় পৰিবেশৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ কাৰণে সামাজিক দূৰত্ব বৰ্তাই ৰখাটো প্ৰয়োজন । কিন্তু ৱাৰলীৰ ষ্টেডিয়ামত স্থাপন কৰা চিকিৎসা শিবিৰত পুৰুষ মহিলা উভয়কে ৰখাৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় দুহেজাৰৰো অধিক কৰ’না আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ নামত চলিছে ভেঁকোভাওনা ৷ লগতে ডেইজীয়ে কয় দুবছৰ ধৰি পি ডি হিন্দুজা চিকিৎসালয়ত সেৱা আগবঢ়োৱাৰ পিছতো হস্পিতাল কৰ্তৃপক্ষই আমাক পেলনীয়া সামগ্ৰীৰ দৰে দলিয়াই আমাক ৱাৰলীলৈ প্ৰেৰণ কৰে । নাম পঞ্জীয়ন কৰিবলৈ ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিব লগা হৈছে ৷ ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল কৰা পিছতে কতৰ্ব্যৰত নাৰ্ছে চিকিৎসাৰ নামত মাত্ৰ দুটা টেবলেট দিছে ৷ এটা লিমচী আনটো কি ধৰিব পৰা নাই ৷ আনকি শিবিৰত থকা বিচনা কাপোৰো সলনি কৰা নাই ৷ অনাময় ব্যৱস্থাৰ অৱস্থাও অত্যন্ত শোচনীয় ৷ য’তে ত’তে পানী জমা হৈ পৰিৱেশ কদৰ্যময় হৈ উঠিছে ।লঘোনে ভোকে থকাক লৈ আপত্তি নাই যদিহে উপযুক্ত চিকিৎসা পোৱা যায় । এই মুহুৰ্তত ঘৰলৈ যোৱাৰো সুবিধা নাই । ইয়াৰ কাৰণে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ তেওঁ অসম চৰকাৰলৈ অনুৰোধ জনাইছে।

ইপিনে মুম্বাইত সন্মুখীন হোৱা ভয়াৱহ পৰিস্থিতিৰ বিষয়ে অৱগত হোৱাৰ পাছতে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফোনযোগে খবৰ লোৱাৰ কথাও নাৰ্ছগৰাকীয়ে অৱগত কৰে । লগতে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । আনহাতে একমাত্ৰ কন্যা ডেইজী কৰ’নাত আক্ৰান্ত হৈছে বুলি জানি সু-চিকিৎসাৰ ব্যৱস্থা কৰাৰ কাৰণে মহাৰাষ্ট্ৰ আৰু অসম চৰকাৰক আহ্বান জনাইছে ডেইজীৰ পিতৃ দিৱসমণি শইকীয়াই ৷

Exit mobile version