চাংসাৰিৰ আলু গুদামৰ কৰ্মচাৰীৰ দাবীঃএসপ্তাহ নহয়, ২৮ দিন পূৰ্বে গুদামলৈ গৈছিল মংৰু সাহানী

coronavirus 4833754 1920

সোমবােৰ কৰ’নাত আক্ৰান্ত নিশ্চিত হোৱা আলু গুদামৰ কৰ্মচাৰী মাংৰু সাহানী এসপ্তাহৰ পূৰ্বে চাংসাৰীস্থিত আলু গুদামলৈ যোৱা নাছিল বুলি দাবী কৰিছে গুদামটোৰ পৰিচালক আৰু একাংশ কৰ্মচাৰীয়ে । মঙ্গলবাৰে দণ্ডাধীশৰ উপস্থিতিত গুদামটো ছীল কৰাৰ সময়ত এই মন্তব্য কৰে কৰ্মচাৰীসকলে । দণ্ডাধীশৰ আগত তেওঁলোকে ২৮ দিন পূৰ্বে মংৰু গুদামলৈ অহা বুলি উল্লেখ কৰি বস্তা পৰি আহত হোৱাৰ কথা প্ৰকাশ কৰে। অৱশ্য লোকচানৰ ভয়তে কৰ্মচাৰীসকলে মিছা কোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

Exit mobile version