তলাবন্ধৰ অনুভৱ : তৰেণ বড়ো

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ যাক ক’ভিড-১৯ বুলি কোৱা হৈছে সেইটো বৰ্তমান চিন্তাৰ বিষয় হৈ পৰিছে । সাম্প্ৰতিক সময়ত বিশ্বৰ উন্নত দেশসমূহে এই ভাইৰাছ প্ৰতিৰোধ কৰাত ব্যৰ্থ হৈছে । যাৰ বাবে সমগ্র বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষতো চৰকাৰে তলাবন্ধ ঘোষণা কৰি ইয়াৰ সংক্ৰমণ প্ৰতিৰোধৰ চেষ্টা কৰিছে । এই তলাবন্ধৰ ফলত আমি শাৰীৰিক তথা মানসিক ভাৱেও তলাবন্ধৰ লেখীয়া হৈ পৰিছো । তথাপি চৰকাৰক ধন্যবাদ জনাবই লাগিব । সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰা এই তলাবন্ধত অৱশ্যে মই মানসিক অৱসাদত ভুগিছো ।

মই সামাজিক মানুহ । তাতে আকৌ বড়ো সাহিত্য সভাৰ সভাপতি। সেয়ে সভাপতিৰূপে সজাগতা, আলোচনাচক্ৰৰ লগতে সভাৰ সাংগঠিনক কামত জড়িত থাকিব লাগে যদিও তলাবন্ধই সেয়া ব্যাহত কৰিছে । ইয়াৰ লগে লগে সাহিত্য সংস্কৃতিতো মনোনিবেশ কৰিব পৰা নাই । তলাবন্ধত কোনো লেখা-মেলাও হোৱা নাই । একপ্ৰকাৰ মানসিকভাৱে মোৰ লেখা-মেলাৰ তলাবন্ধ হ’ল। কাৰণ আৱেগ থাকিলে বিবেক দুৰ্বল হয় । মন বেয়া হয় । অৱশ্যে ইয়াৰ মাজতে নিতৌ পঢ়া-শুনা কৰি আছো । বিভিন্ন বাতৰি কাকত ৰহস্যময় কিতাপ অধ্যয়ন কৰিছো যদিও নিজাববীয়াকৈ কোনো কিতাপ লিখিব পৰা নাই । ইয়াৰ মাজতে শাৰীৰিকভাৱে অসুস্থতাত ভুগি যোৱা ১১ ৰ পৰা ২৪ এপ্ৰিললৈ দিছপুৰ পলিক্লিনিকত ভৰ্তি হৈ থাকিব লগা হয় । সেয়েহে তলাবন্ধই মোক শাৰীৰিকভাৱেও তলাবন্ধ কৰাৰ লেখীয়া হ’ল ।

তলাবন্ধই মোৰ কে’বাটাও সৃজনীশীল কাম তলাবন্ধ কৰিলে । মই যোৱা বছৰত তিনিখন নাটক লিখিছিলো ।সেইকেইখন একত্ৰিত কৰি সংকলন উলিয়াবলৈ প্ৰকাশকে লৈ গৈছিল যদিও সেয়া তলাবন্ধত স্তব্ধ হৈ ৰ’ল। আনহাতে, উত্তৰ পূৰ্বাঞ্চলৰ বিহুৰ ৰেহৰূপ শীর্ষক আন এখন গ্ৰন্থ লিখি ডিটিপি কৰিছিলো যদিও তলাবন্ধৰ বাবে সেয়া আধৰুৱা হৈ ৰ’ল । তদুপৰি মোৰ পূৰ্বৰ বিভিন্ন কাকত আলোচনীত প্ৰকাশিত প্ৰৱন্ধসমূহ একত্ৰিত কৰি উলিয়াবলৈ বিচৰা প্ৰৱন্ধ সংকলন খনো সকলো ঠিক হৈ তলাবন্ধৰ বাবে প্ৰকাশ কৰিব পৰা নাই । ইপিনে, সাহিত্য অকাডেমীয়ে দিয়া অনুসৰি সু-সাহিত্যিক মেদিনী চৌধুৰীৰ ‘বিপন্ন সময়’ শীর্ষক গ্ৰন্থ খন বড়ো ভাষালৈ অনুবাদ কৰি জমা দিছিলো । দুৰ্ভাগ্যৰ বিষয় যে তলাবন্ধৰ বাবে গ্ৰন্থখন সাহিত্য একাডেমীয়ে প্ৰকাশ কৰি উলিয়াব পৰা নাই ।

আনহাতে, প্ৰথিতযশা ঔপন্যাসিক ৰাস্না বৰুৱাৰ ‘সেউজীয়া পাতৰ কাহিনী’ শীৰ্ষক উপন্যাসখন বড়ো ভাষাত অনুবাদ কৰি পাণ বজাৰৰ প্ৰকাশকক জমা দিছিলো যদিও কৰ’নাৰ আতংকত আহ্বান দিয়া তলাবন্ধত সেইখনেও প্ৰকাশৰ মুখ দেখা নাই। তথাপি দেশ তথা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নিৰ্দেশনাক সন্মান জনাইছো । তাতে আকৌ বয়সৰো চাপ পৰিছে। চৰকাৰে যি কৰিছে আমাৰ ভালৰ বাবে কৰিছে । গতিকে সেয়া আমি প্ৰতিজন লোকে মানি চলিব লাগিব । সকলোৱে ভগৱানকে বিশ্বাস কৰে । সেই বিশ্বাসকে আগুৱাই লৈ যাব লাগিব । নিজকে বচাই ৰাখিব লাগিব ।

আন ৰাজ্যৰ তুলনাত অসমত কৰ’না ভাইৰাছ ভাইৰাছৰ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয় । কাৰণ অসমত কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয় । কাৰণ অসমত কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সজাই পৰাই তোলা চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি উন্নত । তদুপৰি আই চি ইউ বিছনা, কোৱাৰেণ্টাইন শিবিৰ আদিৰ সংখ্যাও যথেষ্ট । বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে এই সন্দৰ্ভত আন ৰাজ্যৰ এনে পদক্ষেপ যথেষ্ট নিম্নখাপৰ বুলিও জানিব পাৰিছো । সেয়েহে ইয়াৰ বাবে আমি অসমৰ চৰকাৰক ধন্যবাদ জনাবই লাগিব।

Exit mobile version