তলাবন্ধ প্ৰত্যাহাৰৰ এমাহৰ পাছতে উহানত পুনৰ আক্ৰান্ত ১৭ জন

1 image Coronavirus MERS CoV

চীনৰ উহানৰ পৰাই বিশ্বজুৰি বিয়পিছিল কৰ’না ভাইৰাছ ৷ উহানত এমাহ পূৰ্বে দীঘলীয়া সময়ৰ বিৰতিত তলাবন্ধ প্ৰত্যাহাৰ কৰা হয় । উহান কৰ’নামুক্ত বুলি ঘোষণাও কৰা হয় । অথচ ইয়াৰ পাছতো নতুনকৈ উদ্বেগৰ সৃষ্টি হৈছে । কিয়নো নতুনকৈ ১৭ জনৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰিছে । ইয়াৰে এটা আৱাসিক স্থলীতে পাঁচজনৰ দেহত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ তথ্য উদ্ধাৰ হৈছে । নতুনকৈ পুনৰ এটা ক্লাষ্টাৰৰ সন্ধান পোৱাত দুশ্চিন্তা বৃদ্ধি পাইছে উহান প্ৰশাসনৰ ৷  সম্প্ৰতি এটা আৱাসিক অঞ্চলত কঠোৰ নিয়ন্ত্ৰণ জাৰি কৰিছে প্ৰশাসনে । চীনৰ নেচনেল হেলথ কমিচনৰ মুখপাত্ৰ ফেঙে সতৰ্ক হৈ থাকিবলৈ আৰু ব্যক্তিগতভাৱে সুৰক্ষিত হৈ থাকিবলৈ জনসাধাৰণক সতৰ্ক কৰি দিয়ে ।

তদুপৰি জ্বৰ, কাহ আদি হ’লে চিকিৎসকৰ ওচৰলৈ যাবলৈ কয় । ১৭ টা নতুনকৈ আক্ৰান্ত ঘটনাৰ ভিতৰত পাঁচজন স্থানীয় আৰু বাকীকেইজন বাহিৰৰ লোক । এই পাঁচজনৰ ভিতৰত এজন হৈছে ৮৯ বছৰীয়া কৰ’না আক্ৰান্ত লোকৰ পত্নী । তেওঁৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছত সেই আৱাসস্থলীৰ বাকী সকলৰ স্বাস্থ্য পৰীক্ষা কৰাত পাঁচজনৰ দেহত ক’ভিড ১৯ পজিটিভ ধৰা পৰে ।  এই নতুনকৈ আক্ৰান্তসকলৰ জ্বৰ, চৰ্দি কোনো উপসৰ্গ নাছিল ।

চীনৰ হুবেই প্ৰদেশৰ উহানত প্ৰথমে কৰ’না ভাইৰাছৰ বীজাণু ধৰা পৰে ৷ ইয়াৰ পাছত চাৰিমাহ তলাবন্ধ জাৰি ৰখা হৈছিল ৷ এমাহ পূৰ্বে পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি ঘোষণা কৰি উহান প্ৰশাসনে সম্পূৰ্ণভাৱে স্বাভাৱিক জীৱন যাপনৰ অনুমতি দিছিল । কিন্তু স্বাভাৱিক জীৱন যাত্ৰাৰ পিছত পুনৰ ক’ভিড ১৯ ত আক্ৰান্ত হোৱাৰ তথ্য সকলোকে দুশ্চিন্তাত পেলাইছে । চৰকাৰী তথ্য অনুসৰি চীনত প্ৰায় ৮৩ হাজাৰ আক্ৰান্ত হৈছে ৷ আৰু মৃত্যু হৈছে ৪৬৩৩ জনৰ । অৱশ্যে ইতিমধ্যে ক’ৰনা আক্ৰান্তৰ সন্দৰ্ভত চীনে তথ্য লুকুৱাইছে বুলি বহু দেশেই অভিযোগ কৰিছে ।

Exit mobile version