বহিৰাজ্যৰ ফেৰৎ লোকক ঘৰৰ পৰিৱৰ্তে সমূহীয়া ভাৱে পৃথকে ৰখাৰ আহ্বান প্ৰাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ

বহিঃ ৰাজ্যৰ ফেৰৎ লোকসকলক নিজৰ ঘৰৰ পৰিৱৰ্তে সমূহীয়া ভাৱে পৃথকে ৰখাৰ বাবে চৰকাৰক আহ্বান জনাইছে প্রাক্তন মন্ত্রী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে । আজি চামগুৰিৰ বাজিয়া গাঁও ব্লক কংগ্ৰেছ কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয়, ” বহিঃ ৰাজ্যৰ পৰা অহা লোকসকল আমাৰেই মানুহ। তেওঁলোক নিজৰ ঘৰলৈ আহিছে। চৰকাৰে বহিঃ ৰাজ্যৰ পৰা ১০ হেজাৰ লোক ৰাজ্যলৈ আহিব । এইটোৱেই এতিয়া ডাঙৰ প্ৰত্যাহ্বান। এই লোকসকলক নিজৰ ঘৰতে কোৱাৰেণ্টাইন কৰাৰ কথা ভাবিছে, কিন্তু মোৰ বোধেৰে তেঁওলোকক নিজৰ ঘৰত কোৱাৰেণ্টাইন কৰাব নালাগে ।”

লগতে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক আহ্বান জনায় যে যিসকল চামগুৰি সমষ্টিৰ লোক বাহিৰৰ পৰা আহিব তেওঁলোকক চামগুৰিৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰিব লাগে । তেওঁলোকৰ খোৱা-বোৱাৰ ব্যৱস্থা সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰৰ দৰে ব্যৱস্থা কৰি দিয়া হ’ব। আৰু চৰকাৰৰ নীতি নিয়ম অনুযায়ী শৌচালয়ৰ ব্যৱস্থাকে আদি কৰি সকলো ব্যৱস্থা কৰা হ’ব। সংবাদমেলত চামগুৰি সমষ্টিৰ দৰিদ্ৰ ৬০ৰ উৰ্ধৰ লোকসকলৰ মাজত তলাবন্ধৰ সময়ছোৱাত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাৰণে মাল্টি ভিটামিন, ভিটামিন চি জাতীয় ঔষধ, গাখীৰ, কল আদি বিতৰণৰ কথা কয়।

Exit mobile version