স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছতে হাস্পতাললৈ স্থানান্তৰ মুম্বাইত কৰ্মৰত ডেইজী

WhatsApp Image 2020 05 12 at 8.29.14 PM

স্বাস্থ্যৰ অৱনতি ঘটিছে মুম্বাইৰ পি ডি হিন্দুজা হাস্পতালত কৰ্মৰত অসমৰ নাৰ্ছ ডেইজী শইকীয়াৰ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত যুৱতী নাৰ্ছগৰাকীক আজি পুৱতি নিশা পি ডি হিন্দুজা হাস্পতাললৈ স্থানান্তৰিত কৰে মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে । বৰ্তমান মুম্বাইৰ পি ডি হিন্দুজা হাস্পতালতে চিকিৎসাধীন হৈ আছে নাৰ্ছগৰাকী ৷ দৈনিক অগ্ৰদূতৰ আগত আজি এই কথা অৱগত কৰি ডেইজীৰ পিতৃ দিৱসমণি শইকীয়াই কয় “কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত মাজনী(ডেইজী শইকীয়া) য়ে উশাহ নিশাহ লোৱাত কষ্ট অনুভৱ কৰে । লগতে সকলো সময়তে ভাগৰ অনুভৱ কৰে । লগতে কথা কওঁতে সেহাই সেহাই কৈছে । স্বাস্থ্যৰ অধিক অৱনতি ঘটিলেও আমি চিন্তা কৰো বুলি তাই আমাক সকলো খুলি নকয় ৷ অৱশ্যে আজি তাইক হাস্পতাললৈ স্থানান্তৰিত কৰা বুলি জানিব পাৰি অলপ সকাহ পাইছো” ৷

উল্লেখযোগ্য যে মুম্বাইৰ পি ডি হিন্দুজা হাস্পতালত কৰ্মৰত ডেইজীৰ লগতে আৰু দুগৰাকী সহকৰ্মীক কৰ’নাত আক্ৰান্ত হোৱাৰ পিছতে হাস্পতাল কৰ্তৃপক্ষই কোনো উপযুক্ত চিকিৎসা প্ৰদান নকৰি তেওঁলোকক ৱাৰলীৰ ষ্টেডিয়ামত স্থাপন কৰা শিবিৰলৈ প্ৰেৰণ কৰে । ডেইজীৰ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পিছত তৎপৰ হৈ উঠে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ আনহাতে বৰ্তমান হিন্দুজা হাস্পতালত চিকিৎসাধীন হৈ থকা ডেইজীৰ স্বাস্থ্যক লৈ হিন্দুজা হাস্পতাল কৰ্তৃপক্ষই লোৱা পদক্ষেপক দিৱসমণি শইকীয়াই শলাগ লৈছে ।

ইপিনে ডেইজীয়ে “দৈনিক অগ্ৰদূত”আগত যোৱা নিশাৰ পৰা অনবৰতে মূৰ ঘূৰাই থকা যেন অনুভৱ হোৱা বুলি উল্লেখ কৰে । লগতে ডেইজীয়ে সেহাই সেহাই কয়” আজি পুৱা প্ৰায় ৩.৩০ বজাত মোক হিন্দুজা হাস্পতাললৈ স্থানান্তৰিত কৰিছে । অনবৰতে টোপনি লাগি থকাৰ উপৰি মূৰ ঘূৰাই আৰু বাৰে বাৰে বমি কৰিবলগীয়া হৈছে । পাতল পায়খানা হোৱাৰ লগতে পেট আৰু ককালতো প্ৰচণ্ড বিষ। বুকুখনো অনবৰতে গধুৰ গধুৰ লাগি আছে” ৷

Exit mobile version