স্বাস্থ্য পৰীক্ষা অবিহনেই শ্ৰীৰামপুৰেৰে অসমত অবাধ প্ৰৱেশ বহু লোকৰ

ৰাজ্যত ক্ৰমাৎ দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড ১৯ ত আক্ৰান্তৰ সংখ্যা । তেনে সময়তে অসম আৰু পশ্চিমবংগ সীমন্তৰে কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা অবিহনেই শতাধিক লোকৰ অসমত প্ৰৱেশৰ ঘটনাই সীমামূৰীয়া জিলাখনত আতংকৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলক ৰাজ্যলৈ ওভতাই অনা হৈছে ৷ যদিও প্ৰতিটো সীমামূৰীয়া স্থানত সেই লোকসকলৰ বাবে বিশেষ স্বাস্থ্য পৰীক্ষা ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ।

এই পৰীক্ষাত সন্দেহজনক লোকসকলক নমুনা সংগ্ৰহ কৰি কোৱাৰেন্টাইন কৰাৰ উপৰি অন্যান্য লোকসকলক হাতত ষ্টাম্প মাৰি হোম কোৱাৰেন্টাইনৰ নিৰ্দেশ দিয়া হৈছে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ৷ সেই মৰ্মে অসম পশ্চিমবংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটেৰে অহা লোকসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ কাৰণে এটা নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছিল । আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও এই নিৰীক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি সকলো লোককে স্বাস্থ্য পৰীক্ষা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছিল । কিন্তু এতিয়া বহিঃৰাজ্যৰ পৰা অহা লোকসকলে কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈ অসমত সুবিধা পোৱাৰ খবৰে জিলাখনত আতংকই বিৰাজ কৰিছে ৷

উল্লেখযোগ্য যে শ্ৰীৰামপুৰ অস্থায়ী নিৰীক্ষণ কেন্দ্ৰত ২৪ ঘন্টাই চিকিৎসক নাৰ্ছ আৰু স্বাস্থ্য কৰ্মী উপস্থিত থাকে ৷ তেওঁলোকৰ দায়িত্ব বহিঃৰাজ্যৰ পৰা অহা লোকসকলক স্বাস্থ্য পৰীক্ষা কৰি স্ব-গৃহলৈ প্ৰেৰণ কৰা ৷ বিগত কিছুদিন স্বাস্থ্য পৰীক্ষা কৰা হৈছিল যদিও যোৱা তিনিদিনৰ পৰা বিনা চিকিৎসাই লোকসকলক যাবলৈ দিয়া হৈছে ৷ ইফালে বহিঃৰাজ্যৰ পৰা পদব্ৰজে আহি শ্ৰীৰামপুৰত উপস্থিত হোৱা লোকসকলক মাহীআইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ উঠিছে । অনাহাৰে আহি শ্ৰীৰামপুৰত শ্ৰমিকসকল আহি উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে তেওঁলোকক আটক কৰে । এই লোকসকলক কোনো ধৰণৰ খোৱা পানীৰো যোগান নথকাত পদৰ দাঁতিতে কটাবলগীয়া হৈছে ৷ তেনেস্থলত শ্ৰীৰামপুৰৰ ঘটনাই চৰকাৰৰ লক্ষ্য যে পূৰণ নহয় সেয়া নিশ্চিত কৰিছে ৷

Exit mobile version