গুৱাহাটী মহানগৰীত পুনৰ ১৫ জনৰ শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি

coronavirus 750xx6353 3579 0 460

অসমত প্ৰতিটো মুহূৰ্ততে পৰিৱৰ্তন হৈছে কৰ’নাৰ প্ৰেক্ষাপট ৷ ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পালে ৭৯ জনলৈ ৷ আজি ফাঁচী বজাৰৰ ১৫ জন লোকৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰে । এই ১৫ জন লোক ইতিমধ্যে কৰ’নাত আক্ৰান্ত  মংগু চাহানীৰ সংস্পৰ্শলৈ আহিছিল ৷ মংগু চাহানী কৰ’নাত আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পিছতে তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰায় ৩২ জন লোকক কোৱাৰেন্টাইন কৰা হয় ৷ কিন্তু ইয়াৰে ১৫ জন লোকৰ শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। ফাঁচীবজাৰৰ সুমিত কুমাৰ, সুবোধ কুমাৰ, বিন্দেশ্বৰী ঠাকুৰ, কৃষ্ণ কুমাৰ গুপ্তা, সুনীল ৰয়, প্ৰভাত আনন্দ, অজয় কুমাৰ, শংকৰ সাহা, মুকেশ সিং, বিশ্বনাথ শ্বাহ, সঞ্জিৎ কুমাৰ, লেখাৰু নিষাদ, চিপুজন নিষাদ, গনি কেৱাৰ্দ, প্ৰবীণ কুমাৰ ৰাও আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত ।

ইফালে কৰ’নাত আক্ৰান্ত লোককেইজনক মহেন্দ্ৰ মোহন চিকিৎসালয়লৈ নিয়া হয় ৷ সম্প্ৰতি ফাঁচী বজাৰৰ এই লোকসকল কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত মহানগৰীবাসীৰ মাজত আতংকই বিৰাজ কৰিছে যদিও স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলোকে আতংকিত নহৈ সজাগ হ’বলৈ আহ্বান কৰে । উল্লেখযোগ্য যে  মহানগৰীৰ ফাঁচী বজাৰত মাংগু চাহানীৰ শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছতে তৎপৰ হৈ উঠিছিল মহানগৰ প্ৰশাসন ৷ লগতে,হোটেল ৰাজমহলৰ চাৰিসীমা ছীল কৰিছিল মহানগৰ প্ৰশাসনে ৷ ফাঁচী বজাৰৰ উত্তৰ দিশত MG ৰোড, দক্ষিণে তৰুণৰাম ফুকনৰ ৰোড, পূব দিশত SRCB ৰোড, পশ্চিমত MS ৰোড এই সমগ্ৰ অঞ্চলটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষিত প্ৰশাসনৰ ৷ আনহাতে কন্টেইনমেন্ট জ’ন হিচাপে থকা অঞ্চলটোত যাব নোৱাৰিব কোনো ব্যক্তি বা বাহন ৷ এই সন্দৰ্ভত মংগলবাৰে কামৰূপ উপায়ুক্তই জাৰি কৰিছিল এক বিশেষ নিৰ্দেশনা ৷

Exit mobile version