‘কনটেইনমেন্ট জ’ন’ত ২৪ ঘণ্টাই পহৰাৰ ব্যৱস্থা

containment fancy e1593865684513

সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ(ক’ভিড -১৯)ৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত প্ৰশাসনে নিৰ্ধাৰণ কৰা ‘কনটেইনমেন্ট জ’নত’ থাকিবলগীয়া হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক । ইয়াৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হ’লেও পৰিৱেশৰে সহৱস্থান কৰিবলৈ বাধ্য হৈছে সংশ্লিষ্ট লোকসকলে । নিজৰ লগতে সমাজৰ সুৰক্ষা নিশ্চিতকৰণৰ স্বাৰ্থতে ক্ষণিকৰ বাবে পোৱা অসুবিধাসমূহ আওকান কৰি চলাৰ অভ্যাস গঢ়ি তোলা বুলি কয় বৰ্তমানে ‘কনটেইনমেন্ট জ’ন’ হিচাপে চিহ্নিত হোৱা মহানগৰীৰ অমিয় নগৰ নিবাসী তুলতুল ডেকাই । ‘দৈনিক অগ্ৰদূত’ৰ আগত আজি এই কথা অৱগত কৰি তেওঁ কয়, ‘মহানগৰীৰ অমিয় নগৰ নিবাসী বৰদা দাসৰ শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছতে যোৱা আঠ মে’ পৰা আমাৰ অঞ্চলটো কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে জিলা প্ৰশাসনে । তেতিয়াৰে পৰা আমি এবাৰৰ বাবেও বাহিৰলৈ ওলাব পৰা নাই আৰু বাহিৰৰ পৰা অহা কোনো লোক আমাক সাক্ষাৎ কৰাৰ সুযোগ পোৱা নাই ।’

২৪ ঘণ্টাই অঞ্চলতটোত নিৰাপত্তাৰক্ষীয়ে পহৰাৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ঘৰতে একেৰাহে আবদ্ধ হৈ থকা বাবে সময়বোৰ নোযোৱা যেন লাগে । প্ৰথমাৱস্থাত অঞ্চলটোৰ বহুলোক বিৰক্ত হৈছিল । কিন্তু কৰ’না ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ প্ৰতিজন লোকে পৰিৱেশেৰ সহবস্থান কৰিছে ।অঞ্চলটোত যাতে দ্বিতীয় কোনো এজন ব্যক্তিয়ে কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত নহয়; তাৰবাবে প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা সমূহ সঠিকভাৱে পালন কৰিছে ।

নিজৰ লগতে সমাজৰ সুৰক্ষাৰ বাবে ক্ষণিকৰ বাবে পোৱা অসুবিধাসমূহ আওকাণ কৰি চলা বুলি উল্লেখ কৰি ডেকাই কয়, ‘মই সংগীত চর্চা কৰো বাবে ব্যক্তিগতভাৱে অসুবিধা পোৱা নাই । সন্ধিয়া দীর্ঘসময় ধৰি ঘৰতে কী ব’ৰ্ডত হাত বুলাইছো । দিনৰ ভাগত টিভিত বিভিন্ন অনুষ্ঠানৰ লগতে বা-বাতৰিও চাইছো । অলপ-অচৰপ বাসগৃহ চৌহদতে সময় উলিয়াই খোজ কাঢ়িছো । এনেকৈয়ে আজি দুদিন অতিক্ৰম হ’ল । কিন্ত অঞ্চলটোৰ বহু মানুহে বিৰক্ত হৈ বাহিৰলৈ যোৱাৰ চেষ্টা চলাইছিল । কিন্ত সকলোৰে সুৰক্ষাৰ বাবে এতিয়া সকলোৱে পৰিৱেশেৰে মুখামুখি হোৱাৰ বাবে সাজু হৈছে । সৰু-সুৰা অসুবিধাবোৰ এতিয়া আওকাণ কৰিব লৈছে ।

প্ৰয়োজনীয় দুই-এপদ সামগ্ৰী ওচৰৰ চাৰিআলিৰ দোকানীয়ে দি থৈ যোৱা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে অমিয় নগৰত প্ৰায় ৩৪টা পৰিয়াল আছে । এই পৰিয়ালসমূহত প্ৰয়োজনীয় খাদ্য সামগ্ৰী জিলা প্ৰশাসনে যোগান ধৰিছে । ইয়াৰ পাছতো দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী প্রয়োজন হ’লে ওচৰৰ চাৰিআলিত থকা দোকানীয়ে আহি নিৰ্দিষ্ট দূৰত্বৰ পৰা দি থৈ যায় । অঞ্চলটোৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীসকলে থকা ঠাইত এখন বেঞ্চ থোৱা আছে । এই বেঞ্চতে দূৰৰ পৰা গাখীৰ ,বিস্কুটকে ধৰি অন্যান্য সামগ্ৰী দি থৈ যায় ।অঞ্চলটোৰ প্ৰায় ৩৫জন লোকৰ লেলাউটিৰ নমুনা সংগ্ৰহ কৰিছে ।বাকী থকা সকলৰো নমুনা সংগ্ৰহ কৰিব ।

কিন্ত ‘কনটেইনমেন্ট জ’ন’ৰ বাবে জাৰি কৰা নিৰ্দেশনা কেতিয়া প্রত্যহাৰ হ’ব সেয়া নিশ্চিত হোৱা নাই । অহা ২২মে’ত ১৮ দিন হ’ব যদিও অঞ্চলটোত আঁৰি থোৱা হৰ্ডিঙত পাঁচ জুনলৈ বুলি উল্লেখ আছে । এই সময়ছোৱাত সকলোৰে সুৰক্ষাৰ বিষয়টো অত্যন্ত জৰুৰী । ইয়াৰ বাবে কষ্ট হ’লেও সকলো দিশতে প্রশাসনক সহযোগ কৰা বুলি ডেকাই কয় । অনুৰূপ মন্তব্য ফাঁচী বজাৰৰ এম এছ ৰোড নিৱাসী মনোজ জালানৰো ।তেওঁ কয়, ‘ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হোৱা বাবে যথেষ্ট অসুবিধা হৈছে । কিন্ত নিজৰ লগতে ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত এই অসুবিধা মানি লোৱাৰ বাহিৰে অন্য বিকল্প নাই ।’ অঞ্চলটোত খাদ্য সামগ্ৰীৰ অভাৱ নাই বুলি উল্লেখ কৰি তেওঁ কয় যে খাদ্য সামগ্ৰীৰ অভাৱ নাই । কিন্তু দৈনন্দিন ব্যৱহার্য সা-সামগ্ৰী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত কৰ্মৰত কৰ্মচাৰীৰ বাবে পৰিয়ালৰ লোকে প্ৰস্তুত কৰা খাদ্য দিয়াৰ সময়ত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে হাৰাশাস্তি কৰিছে ।

এই ক্ষেত্ৰত প্ৰশাসনক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাই তেওঁ কয় যে প্ৰত্যেক দিনাই অঞ্চলটোৰ নিৰাপত্তাৰক্ষীসকল সঘনাই সলনি হয় । ফলত গাখীৰ, পাচলিকে ধৰি দৈনন্দিন ব্যৱহার্য সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত পৰিয়ালসমূহে কিছু অসুবিধাৰ সন্মুখীন হৈছে । লগতে অঞ্চলটোত কে’বাজনো শ্ৰমিক আবদ্ধ হৈ আছে । সংশ্লিষ্টসকলে খোৱা -লোৱাৰ অসুবিধা পোৱা বুলি তেওঁ জনায় । অনুৰূপ মন্তব্য এম এছ ৰোড নিবাসী মুকুল জালানৰো । তেওঁ কয় কনটেইনমেন্ট জ’নত আবদ্ধ হৈ থাকিলেও বিশেষ অসুবিধা নাই ।কিন্ত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে সা-সামগ্ৰী দিবলৈ অহা লোকক অযথা হাৰাশাস্তি কৰিছে ।

লগতে তেওঁ কয় যে ফাঁচী বজাৰত কনটেইনমেন্ট জ’ন হিচাপে চিহ্নিত অঞ্চলটোত দুখনকৈ আলু ভৰ্তি ট্ৰাক আবদ্ধ হৈ আছে । এই ট্ৰাক দুখনৰ আলু খিনি উলিওৱাৰ ব্যৱস্থা নকৰিলে পচি যোৱাৰ সম্ভাৱনা আছে । এই ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা লোৱা উচিত বুলি তেওঁ কয় । উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ কৰ্মস্থলী অথবা বাসস্থানসমূহক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত জিলা প্ৰশাসন সমূহে কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰি আহিছে । এই সম্পৰ্কত জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ নকৰা পর্যন্ত সংশ্লিষ্ট অঞ্চলৰ ভিতৰত থকা কোনো লোকে বাহিৰলৈ যাব নোৱাৰে আৰু বাহিৰৰ পৰাও কোনো লোক অঞ্চলটোৰ ভিতৰলৈ যাব নোৱাৰে । এই সম্পৰ্কত জাৰি কৰা নিৰ্দেশনা যাতে কোনো কাৰণতে উলংঘা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট অঞ্চলসমূহত ২৪ঘণ্টাই নিৰাপত্তাৰক্ষীয়ে পহৰা দিয়ে বুলি জিলা প্ৰশাসনৰ এক সূত্ৰই জনায়।

Exit mobile version