কৰ’নাৰ প্ৰভাৱত ৩১ মাৰ্চলৈ বৃদ্ধি চলিত শিক্ষা বৰ্ষৰ সময়সীমা

360837840boardexam67988603516 162377524

চলিত শিক্ষা বৰ্ষৰ সময়সীমা ২০২১ ৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে । ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ পৰামৰ্শৰ ভিত্তিতে শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই যোৱা ১১ মে’ত এ এইচ ই ২০২/২০২০/২৪ নম্বৰযোগে এই সম্পৰ্কত এক অধিসূচনা জাৰি কৰে । লগতে আগন্তুক শিক্ষা বৰ্ষসমূহ প্ৰতিবছৰে এপ্ৰিলত আৰম্ভ কৰাৰ বাবে টাস্ক ফ’চে আগবঢ়োৱা পৰামৰ্শৰ ওপৰত সংশ্লিষ্ট সকলোপক্ষই মতামত দাখিল কৰিব পৰাকৈ শিক্ষা বিভাগে মুকলি কৰিছে এটা ৱেবছাইট । শিক্ষা বিভাগৰ এক সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে, কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত যোৱা ১৬ মাৰ্চৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত বন্ধ হৈ আছে পাঠদান প্ৰক্ৰিয়া । অহা ১৮ মে’ৰ পৰা দেশব্যাপী আৰম্ভ হ’ব চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ ৷

এই সময়ছোৱাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দেশব্যাপী অব্যাহত থকা তলাবন্ধৰ কাৰণে কেতবোৰ নীতি নিৰ্দেশনা শিথিল কৰিছে যদিও শিক্ষানুষ্ঠানসমূহ খোলাৰ কাৰণে কোনো অনুমতি দিয়া নাই । ফলত চলিত বৰ্ষৰ বছৰেকীয়া পৰীক্ষা জানুৱাৰীলৈ পিছুৱাব বুলি ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফৰ্চে যোৱা দুই মে’ত অনুষ্ঠিত প্ৰথমলানি বৈঠকতে সম্ভাৱনা ব্যক্ত কৰে । লগতে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কমেও ডেৰ দুমাহৰ প্ৰয়োজন বুলি উল্লেখ কৰে । ইয়াৰ ভিত্তিত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চলিত শিক্ষা বৰ্ষৰ সময়সীমা ২০২১ ৰ ৩১ মাৰ্চলৈ বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি সূত্ৰটোৱে জনায় । ইফালে সামাজিক দূৰত্ব বজাই ৰাখি অহা পহিলা জুনৰ পৰা গৱেষক ছাত্ৰসকলে নিজ নিজ শিক্ষা প্ৰতিষ্ঠানত আৰম্ভ কৰিব পাৰিব গৱেষণাৰ কাম কাজ । লগতে ভিন্ন বিদ্যালয়ৰ অনুদান আয়োগে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সংশ্লিষ্ট ষান্মাষিকৰ পাঠদান প্ৰক্ৰিয়া আগুৱাই নিয়াৰ স্বাৰ্থত সৰলীকৃত বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়োজনীয় অনুমতি প্ৰদান কৰা বুলি সূত্ৰটোৱে অৱগত কৰে ।

আনহাতে উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাত নামভৰ্তি ক্ষেত্ৰত অনলাইন পদ্ধতিক প্ৰাধান্য দিয়ে শিক্ষা বিভাগে ৷ এৰাব নোৱাৰা পৰিস্থিতিত প্ৰপত্ৰ পূৰণ পদ্ধতিৰ নামভৰ্তি কৰাব লগীয়া হ’লেও বাধ্যতামূলকভাৱে সংশ্লিষ্ট পক্ষক সুৰক্ষিত বিধি ব্যৱস্থা গ্ৰহণৰ বাবে শিক্ষা বিভাগে নিৰ্দেশ দিয়ে । তলাবন্ধৰ মাজতে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ মাজত শৈক্ষিক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে শিক্ষা নিৰ্দেশ দিছে । তলাবন্ধ খোলাৰ পিছতে সংশ্লিষ্ট বিষয়সমূহৰ ওপৰত বিদ্যালয়, খণ্ড জিলা আৰু ৰাজ্যিক পৰ্যায়ত প্ৰদৰ্শনী অনুষ্ঠিত হ’ব । তদুপৰি এই সময়ছোৱাত দীক্ষা এপ, বিশ্ব বিদ্যা এপ আদিৰ ব্যৱহাৰৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিতো শিক্ষা বিভাগে গুৰুত্ব দিয়া বুলি সূত্ৰটোৱে জনায় ।

Exit mobile version