কৰ’নাৰ আশংকাত সলনি হ’ল স্কুলত প্ৰৱেশৰ পদ্ধতি

image 2 1

ক’ৰনা সন্ত্ৰাসে আমাৰ জীৱনৰ অনেক অভ্যাসৰ পৰিৱৰ্তন ঘটাইছে । হয়তো আৰু অনেক কিবা কিবি সলনি হ’ব । ঠিক তেনে পৰিৱৰ্তনৰ ফলতে চীনৰ এখন স্কুলৰ শিক্ষাৰ্থীসকলে এতিয়া পোনেই স্কুল চৌহদত প্ৰৱেশ কৰিব নোৱাৰা হৈ পৰিছে । কমেও পাঁচটা স্তৰত হাত, পোছাক, জোতা,বেগ আদি জীৱাণুমুক্ত কৰাৰ পাছতহে শিক্ষাৰ্থীসকলে স্কুলত প্ৰৱেশ কৰিব পাৰে । চীনৰ হানঝউ চহৰৰ এখন স্কুলত জীৱাণুমুক্ত হৈ ভিতৰত প্ৰৱেশ কৰাৰ এক ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

উল্লেখ্য যে চীনত যোৱা মাহত তলাবন্ধৰ বিধি নিষেধ প্ৰত্যাহাৰৰ পাছত সম্প্ৰতি স্কুল-কলেজ আদিও খুলিছে ।হানঝউৰ দৰে চীনৰ অধিকাংশ শিক্ষানুষ্ঠানতে এতিয়া কৰ’নাৰ আতংকৰ বাবে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ভিডিঅ’টোত দেখা গৈছে, স্কুলৰ মুখ্য দ্বাৰৰ বাহিৰতে জীৱাণুমুক্ত কৰাৰ বাবে জোতাৰ তলত স্প্রে’ কৰা হৈছে । তাৰ পাছত মুখ্য দ্বাৰৰে শিক্ষাৰ্থীয়ে চৌহদত প্ৰৱেশ কৰে আৰু একো একোটা স্তৰত হাত, স্কুলবেগ, পোছাক আদি সকলোবোৰ জীৱাণুমুক্ত কৰাৰ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’বলগীয়া হয় ।

সকলোবোৰ জীৱাণুমুক্ত কৰাৰ পাছতহে প্ৰত্যেক শিক্ষাৰ্থীয়ে স্কুলৰ মূল বিল্ডিঙত প্ৰৱেশ কৰিব পাৰে । স্থানীয় সংবাদ মাধ্যমে জনোৱা মতে, এই সতৰ্কতামূলক ব্যৱস্থা কেৱল শিক্ষাৰ্থী সকলৰ বাবেই নহয়, বৰঞ্চ শিক্ষক-শিক্ষয়িত্ৰী বা অন্যান্য কৰ্মচাৰীৰ বাবেও । লগতে শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাত দূৰত্ব বজাই ৰাখি বহিবলৈ দিয়া হৈছে । আনকি শিক্ষাৰ্থী বহাৰ ডেস্কৰ সম্মুখত আৰু দোকাষ ঘেৰি দিয়া হৈছে ফাইবাৰৰ গাৰ্ডেৰে ।

Exit mobile version