তলাবন্ধৰ অনুভৱ : মলয়া গোস্বামী

Malaya Goswami 1

কৰ’না ভাইৰাছক লৈ আজি সমগ্র বিশ্ব শংকিত । ইয়াক লৈ আমি সকলোৱে আতংকিত হৈছো । সঁচাকৈয়ে এক ভয়ংকৰ বিপদৰ মুখলৈ গৈ আছো আমি সকলোৱে । বিশ্ব স্বাস্থ্য সংস্থায়ো প্ৰকাশ কৰিছে যে অনাগত দিনতো এই ভয়াবহ ভাইৰাছৰ লগতে আমি জীয়াই থাকিব লাগিব । গতিকে যেতিয়ালৈকে ক’ভিড-১৯ ৰ প্ৰতিষেধক নোলায় তেতিয়ালৈকে সহাৱস্থান কৰাৰ বাহিৰে আমাৰ হাতত বিকল্প নাই । এই সময়ছোৱাত কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা সকলো নীতি-নিৰ্দেশনা মানি চলাটো অত্যন্ত জৰুৰী। নিজৰ লগতে আন বহুজনৰ সুৰক্ষাৰ স্বাৰ্থতে সামাজিক দূৰত্ব বজাই ৰখাৰ এক অভ্যাস গঢ়ি তোলা উচিত সকলোৱে ।

বিশেষকৈ নিজকে পৰিষ্কাৰকৈ ৰখা, সঘনাই হাত ধোৱা, বজাৰৰ পৰা অনা সা-সামগ্ৰী ধোৱা আদিবোৰ আমাৰ জীৱনৰে একো একোটা অংশ । সৰু থাকোতেই মাহঁতে এইবোৰ কৰা দেখিছিলো বজাৰৰ পৰা অনা সামগ্ৰী পটাছ পানীৰে ধুইহে ভিতৰলৈ নিছিল। এইবোৰ দেখি সৰুতে মাহঁতক ভেকাহি মাৰি উঠিছিলো- ‘তোমালোক ইমান চাফা?’ কিন্তু আজি এইবোৰক লৈয়ে কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে । অৱশ্যে শেষত মানুহৰে জয় হ’ব। ইয়াক লৈ মই যথেষ্ট আশাবাদী। তলাবন্ধৰ সময়ছোৱাত ব্যক্তিগতভাৱে মই ঘৰতে আছো। এই সময়ছোৱাত বাহিৰত ব্যৱহাৰ কৰা জোতা-ছেণ্ডেলো ভিতৰলৈ সোমোওৱা নাই। এই সময়ছোৱাত নেতিবাচক চিন্তাৰে মন ভাৰাক্ৰান্ত কৰি ৰাখিলে জীয়াই থকাটোৱে কঠিন হৈ পৰিব।

তাৰ বাবে ইতিবাচক দৃষ্টিভঙ্গীৰে তলাবন্ধৰ সময়ছোৱাত কিছু কাম কৰাৰো প্রয়াস কৰিছো। ‘ৰেঙনি’ত সম্প্ৰচাৰ হৈ থকা ‘নিয়ৰৰ ফুল’ শীৰ্ষক ধাৰাবাহিক খনৰ কে’বাটাও খণ্ডৰ ইতিমধ্যে শ্বুটিং হৈ গৈছে, কিন্তু তলাবন্ধৰ বাবে ষ্টুডিঅ’ত ডাবিং কৰিব পৰা নাই। প্ৰথম অৱস্থাত হোৱাটছএপৰ জৰিয়তে কণ্ঠস্বৰ ৰেকৰ্ডিং কৰি পঠিয়ালো যদিও ইয়াৰ মান ঠিক হোৱা নাছিল। পাছত কাৰিকৰী বিশেষজ্ঞৰ পৰামৰ্শত ইয়াৰ বাবে থকা বিশেষ এপ কেনেকৈনো ডাউনলোড কৰে সেয়া শিকিলো। ইয়াৰ পিছতো কোনো ফল নোহোৱাত এইবাৰ কাৰিকৰী বিশেষজ্ঞৰ পৰামৰ্শত ই-মেইলত প্ৰেৰণৰ ব্যৱস্থা কৰিলো। তলাবন্ধৰ সময়ছোৱাতে মই ডিজিটেল মাধ্যমৰ ব্যৱহাৰ সম্পৰ্কত কিছু কথা মই শিকিলো। লগতে এই সময়ছোৱাতে মই কে’বাখনো গ্ৰন্থ অধ্যয়নৰ বাবে পঢ়া মেজত গোটাই লৈছো। বৰ্তমান ইন্দিৰা মিৰিৰ জীৱনৰ আধাৰত অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা ‘মেৰেং’ উপন্যাসখন অধ্যয়ন কৰি আছো । এই গ্ৰন্থখনৰ জৰিয়তে মহীয়সী নাৰী ইন্দিৰা মিৰিক ভালকৈ জনাৰ সুযোগ পাইছো। ইন্দিৰা মিৰিৰ জীৱন গাঁথাই মোক বাৰুকৈয়ে অনুপ্ৰাণিত কৰিছে। ‘মেৰেং’ সঁচাকৈয়ে অনুৰাধা শর্মা পূজাৰীৰ এক অনন্য সৃষ্টি ।

এই সময়ছোৱাত মই কিছু লিখা-মেলাও কৰিছো। ইয়াৰ ভিতৰত আছে মোৰ জীৱনৰ সমস্ত অভিজ্ঞতাবোৰ সামৰি এখন নতুন গ্ৰন্থৰ কাম। তলাবন্ধ নোহোৱা হ’লে হয়তো এই গ্ৰন্থখন ইতিমধ্যে পাঠকৰ হাতত পৰিলেহেঁতেন; কিন্তু এতিয়া এই গ্ৰন্থখনৰ কামবোৰ আধৰুৱা হৈ আছে। অৱশ্যে এই গ্ৰন্থখন মোৰ আত্মজীৱনী নহয়। অভিনয় জগতৰ লগত জড়িত হোৱাৰ পিছত মই ভালেসংখ্যক স্বনামধন্য ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পাইছো।

এই সুবাদতে মোৰ হাতলৈ বহু অমূল্য সম্পদ আহিছে। এই সম্পদসমূহৰ ভিতৰত ভৱেন্দ্ৰ নাথ শইকীয়া, নৱকান্ত বৰুৱা, লক্ষ্যধৰ চৌধুৰী, নাৰায়ণ বেজবৰুৱা, সত্যপ্ৰসাদ বৰুৱা, জাহ্নু বৰুৱা আদিয়ে হাতে লিখা চিঠি-পত্ৰ, বিভিন্ন সময়ত মই দিয়া সাক্ষাৎকাৰ, বিভিন্ন ধৰণৰ আপুৰুগীয়া ফটো আছে। ‘অগ্নিস্নান’, ‘ফিৰিঙতি’ আদি ছবিসমূহ মুক্ত পোৱাৰ সময়ত ডিজিটেল মাধ্যমৰ সিমান প্ৰচাৰ নাছিল। তেতিয়া মোৰ অভিনয় চোৱাসকলে চিঠিৰে মনৰ ভাৱ প্ৰকাশ কৰিছিল। সেই চিঠিবোৰো মই সযতনে ৰাখি থৈছো। এইবোৰেই মোৰ জীৱনৰ মহামূল্যবান সম্পদ। এই সম্পদসমূহকে একত্ৰিত কৰি গ্ৰন্থকাৰে পঢ়ুৱৈ সমাজৰ হাতত তুলি দিয়াৰ হাবিয়াস কৰিছো। চলিত বৰ্ষৰ ভিতৰতে এই গ্ৰন্থখনৰ কাম সম্পূৰ্ণ কৰাৰ ইচ্ছা আছে ।

এইখিনিতে উনুকিয়াই থোৱা ভাল হ’ব যে প্রথম অৱস্থাত থাকিব বুলিয়ে মই আশাবাদী আছিলো। এতিয়া সংক্ৰমণৰ ভয়াবহতা দেখি সঁচাকৈয়ে শংকিত হৈছো। অৱশ্যে এই ক্ষেত্ৰত আমাৰ গাতো দোষ আছে। আমিবোৰে নীতি-নিয়মবোৰ একেবাৰে মানি চলিব নিবিচাৰো। সেইকাৰণে এতিয়া বেছি ভয় লাগিছে। তথাপি নিজক নিয়ন্ত্ৰণত ৰখাৰ এতিয়া সময় উকলি যোৱা নাই। সকলোৱে নীতি-নিয়মবোৰ মানি চলিলে সঁচাকৈয়ে আমি কৰ’না বিৰোধী যুঁজত জয়ী হ’ম।

সাৱধানতাৰ মাজতো এই মুহূৰ্তত কাম কৰি থকা চিকিৎসক, নাৰ্ছ, সাংবাদিক, চিকিৎসাকৰ্মী, চাফাইকৰ্মী, আৰক্ষী আৰু প্ৰশাসনৰ লোকসকলক লৈ মই যথেষ্ট উদ্বিগ্ন। এতিয়ালৈকে এই সকলোৱে সাৱধান হৈয়ে চলি আছে। আৰু তেওঁলোক সকলোৱে সাৱধান হৈ কাম কৰক। মই ঈশ্বৰৰ ওচৰত সকলোৰে বাবে এই মুহূৰ্তত প্ৰাৰ্থনাহে কৰিব পাৰো। সেয়ে ঈশ্বৰৰ ওচৰত প্রার্থনা জনাইছো যে শীঘ্ৰে আমাৰ মাজৰ পৰা কৰ’না ভাইৰাছ আঁতৰি যাওঁক আৰু সমাজৰ সকলোৰে মংগল হওক। সকলোৰে প্ৰচেষ্টাত আমি জয়ী হ’মেই।

Exit mobile version