সামাজিক দূৰত্ব নিশ্চিত কৰিব ৰবট কুকুৰে

2020 05 08t000000z 1436132409 rc29kg9prezs rtrmadp 3 health coronavirus singapore robot

বহু দেশেই কৰ’না আতংকৰ সময়ত সাধাৰণ মানুহৰ মাজত সামাজিক দূৰত্ব নিশ্চিত কৰিবলৈ নিত্য নতুন পদ্ধতি উদ্ভাৱন কৰি আছে । ইয়াৰ মাজতে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে ছিংগাপুৰে । সামাজিক দূৰত্ব নিশ্চিত কৰাৰ বাবে ৰবট কুকুৰৰ সহায় লৈছে দেশখনে । ছিংগাপুৰৰ এখন উদ্যানত ব’ষ্টন ডাইনেমিকছৰ দ্বাৰা তৈয়াৰী এটা হালধীয়া-ক’লা ৰঙৰ কুকুৰ ৰবট নিয়োগ কৰা হৈছে । এই ৰবট কুকুৰে উদ্যানখনত ঘূৰি ফুৰিব আৰু সামাজিক দূৰত্বৰ কথা বাৰেপতি দর্শনাৰ্থীসকলক সচেতন কৰি থাকিব ।

এই ৰবটত এটা কেমেৰা সংযোজিত কৰা হৈছে । সেই কেমেৰাই উদ্যান খনৰ চিত্ৰবোৰ বন্দী কৰি উদ্যান কর্তৃপক্ষলৈ প্ৰেৰণ কৰিব । তেতিয়াই কর্তৃপক্ষই দেখা পাব উদ্যানত কিমান মানুহ আছে তথা তেওঁলোকে সামাজিক দূৰত্ব মানি চলিছে নে নাই । এক বিবৃতিযোগে ছিংগাপুৰ চৰকাৰে জনাইছে যে ই কেমেৰাৰ মাধ্যমেৰে সুনিৰ্দিষ্টভাৱে কাৰোবাক চিনাক্ত কৰা নহয় আৰু কাৰো ব্যক্তিগত তথ্যও সংগ্ৰহ কৰা নহ’ব ।

উল্লেখ্য যে ছিংগাপুৰতো কৰ’না ভাইৰাছ ব্যাপকভাৱে বিয়পি পৰিছে । সেয়ে সামাজিক দূৰত্ব নিশ্চিত কৰিবলৈকে এই ৰবট কুকুৰটো পৰীক্ষামূলকভাৱে নিয়োগ কৰা হৈছে । উদ্যানখনত দুসপ্তাহ চলাচল কৰাৰ পাছত ইয়াৰ সাফল্যৰ ভিত্তিত পৰৱৰ্তী সময়ত এই প্ৰকল্প সম্প্ৰসাৰণ কৰা হ’ব বুলি জনাইছে ছিংগাপুৰ চৰকাৰে ।

Exit mobile version