কৰ’না গ’লেই আহিব নতুন মহামাৰী!

amazon

AFP_1JR2GY

কৰ’না অতিমাৰীয়ে ইতিমধ্যেই বিশ্বৰ অধিকাংশ দেশৰ কঁকাল ভাঙি দিছে ।মানুহ ব্যাপক হাৰত সংক্ৰমিত হোৱাৰ উপৰি মৃত্যু হোৱাৰ লগতে আৰ্থিক দিশতো মাধমাৰ শোধাইছে কৰ’না ভাইৰাছে ।তেনে সময়তে আন এক আতংকৰ বাণী শুনালে একাংশ বিজ্ঞানীয়ে ।কৰ’না ভাইৰাছে বিদায় লোৱাৰ পাছতে বিশ্বক কাহিল কৰিব পাৰে নতুন মহামাৰীয়ে।

যিমান বেছি বনাঞ্চল ধ্বংস হ’ব,সিমানেই বেছি মাৰাত্মক ভাইৰাছ মানুহৰ মাজত বিয়পি পৰিব।কিয়নো বনভূমি হৈছে মানুহ আৰু ভাইৰাছৰ মাজৰ ঢাল।এই কথা বিজ্ঞানীসকলে আগতেই কৈছিল ।বন্যপ্ৰাণীৰ শৰীৰত লুকাই থকা অচিন ভাইৰাছ সংক্ৰমিত হোৱাটো ৰোধ কৰিবলৈ হ’লে সৰ্বপ্ৰথমে বনাঞ্চল ধ্বংসই ৰোধ কৰিব লাগিব ।সম্প্ৰতি বিজ্ঞানীসকলে মন্তব্য কৰিছে যে কৰ’নাৰ পৰৱৰ্তী সময়ত ভাইৰাছ বিয়পিব পাৰে বিশ্বৰ সবাতোকৈ বৃহৎ বৰ্ষাৰণ্য আমাজনৰ পৰা ।কিয়নো দীৰ্ঘদিনৰ পৰাই আমাজনৰ বনভূমি নিৰ্বিচাৰে ধ্বংস কৰা হৈ আছে ।এতিয়া সেয়াই সবাতোকৈ চিন্তাৰ কাৰণ বুলি জনাইছে বিজ্ঞানীয়ে ।

উল্লেখ্য যে বিগত বৰ্ষতে ব্ৰাজিলৰ ভিতৰত থকা আমাজনৰ অংশত ১০হেজাৰ কিলোমিটাৰৰ অধিক বনভূমি ধ্বংস কৰা হৈছে ।স্বাভাৱিকতে এয়া উদ্বেগৰ বিষয় ।চলিত বছৰৰ এপ্ৰিল পৰ্যন্ত আমাজনত এহেজাৰ বৰ্গ কিলোমিটাৰ বনভূমি নষ্ট হৈছে ।মন কৰিবলগীয়া যে আমাজন বনভূমিয়েই সমগ্ৰ বিশ্বৰ ২০শতাংশ অক্সিজেন যোগান দিয়ে ।তাতকৈও ডাঙৰ কথা ,এই গভীৰ বনভূমিত অসংখ্য নাম নজনা প্ৰাণীও আছে ।এইবোৰ প্ৰাণীৰ শৰীৰতে বাহ লৈ আছে অসংখ্য অচিন প্ৰাণঘাতী ভাইৰাছে ।সেই ভাইৰাছ এবাৰ মানুহৰ মাজত বিয়পিবলৈ আৰম্ভ কৰিলেই আৰম্ভ হ’ব মহাবিপদ ।

ব্ৰাজিলৰ পৰিবেশ বিজ্ঞানী ডেভিড লাপ’লাই জনাইছে যে বনাঞ্চলক নগৰায়ন কৰিলে বিভিন্ন প্ৰাণীৰ পৰা ভাইৰাছ মানুহৰ শৰীৰলৈ সংক্ৰমিত হোৱাটো একো অস্বাভাৱিক কথা নহয় ।আমাজনৰ গভীৰত অসংখ্য চিনাকি-অচিনাকি ভাইৰাছ আছে ।মানুহে বনাঞ্চল ধ্বংস কৰি কৰি জংঘলৰ গভীৰত প্ৰৱেশ কৰিলে সেই ভাইৰাছ সংক্ৰমিত হ’ব।পৰিৱেশবিদ জনে লগতে কয় যে সম্প্ৰতি আমাজনক যি হাৰত ধ্বংস কৰা হৈ আছে ,ইয়াৰ পাছত তাৰ পৰাই কোনো নতুন ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ঘটিব পাৰে ।

Exit mobile version