বিশ্বত কৰ’না ভাইৰাছৰ সন্ত্ৰাস

coronavirus outbreak

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে নমাই আনিছে ঘোৰ অমানিশা ৷ কৰ’না ভাইৰাছৰ কাৰণে প্ৰযুক্তি বিদ্যাৰে উন্নত দেশসমূহৰ অহংকাৰ সম্প্ৰতি তাছপাতৰ দৰে খহি পৰিছে। আহক চাওঁ এই পৰ্যন্ত বিশ্বত কৰ’না ভাইৰাছৰ কিছুমান তথ্য ৷

১.বিশ্বত কৰ’না ভাইৰাত আক্ৰান্ত হৈছে ৪৬ লাখ ৪০ হাজাৰ ৩৩৯ জন লোক ৷ সুস্থ হৈ উঠিছে ১৭ লাখ ৫৭ হাজাৰ ২৮২ জন আৰু মৃত্যু হৈছে ৩ লাখ ০৮ হাজাৰ ৬১০ জন লোক ৷

২.ইণ্ডোনেছিয়াত বহিঃৰাজ্যৰ পৰা অহা লোকে দেখুৱাব লাগিব স্বাস্থ্যৰ প্ৰমাণ পত্ৰ ৷ এই নিয়ম বিদেশী আৰু প্ৰবাসী লোকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব ৷

৩.ৰুছত এদিনতে কৰ’না ভাইৰাছত সংক্ৰমণ হৈছে ৯,২০০ জন লোক৷ দেশখনত ২ লাখ ৭২ হাজাৰতকৈ অধিক লোক সংক্ৰমণ হৈছে ৷

৪.আমেৰিকাত নৌসেনা বাহিনীৰ পাঁছজন নাবিকৰ দেহত পোৱা গৈছে কৰ’নাৰ অৱস্থিতি ৷সম্প্ৰতি এই পাঁচজন লোকৰ সংস্পৰ্শলৈ অহা লোকসকলৰ সন্দৰ্ভত তদন্ত কৰিছে আমেৰিকাৰ প্ৰশাসনে ৷

৫.আমেৰিকাত বিগত ২৪ ঘন্টাত ১৬৮০ জন লোকৰ মৃত্যু হয় ৷দেশখনত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ৮৮ হাজাৰ ৷এই পৰ্যন্ত আমেৰিকাত কৰ’না ভাইৰাছত সংক্ৰমিত হয় ১৪ লাখ ৮৪ হাজাৰ ২৮৫ লোক ৷

৬.আনহাতে নিউয়ৰ্কত ২৭ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে ৷ সংক্ৰমিত হয় ৩লাখ ৫৬ হাজাৰ লোক ৷

৭.কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ সময়তে ভাৰতৰ প্ৰতি সৌহাৰ্দ্যপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷ ট্ৰাম্পে কয়”আমি আমাৰ বন্ধু ভাৰতক ভেন্টিলেটৰ উপহাৰ দিম ৷ কৰ’না মহামাৰীৰ সন্ত্ৰাসৰ সময়ত ভাৰত আৰু নৰেন্দ্ৰ মোডীৰ কাষত আমেৰিকা সদায় আছে। আমি কৰ’না ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱন কৰিবলৈ একেলগে কাম কৰিম৷লগতে কৰ’নাৰ দৰে অদৃশ্য শত্ৰুৰ বিৰুদ্ধে আমি সদায় যুঁজ দিম” ৷

৮.লগতে ট্ৰাম্পে কৰ’না ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱন হ’লে জনসাধাৰণৰ মাজত কোনো কৰ অবিহনেই প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে ।

৯.লেটিন আমেৰিকা দেশ ব্ৰাজিলত কৰ’নাৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাইছে ৷বিগত ২৪ ঘন্টাত কৰ’না ভাইৰাছৰ ১৫,৩০৫ জন লোক সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ আহিছে। দেশখনত ২ লাখ ১৮ হাজাৰতকৈও অধিক সংক্ৰমণ হৈছে ৷স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে এদিনতে ব্ৰাজিলত ৮২৪ জন লোকৰ মৃত্যু হৈছে ৷সম্প্ৰতি মৃতকৰ সংখ্যা ১৪ হাজাৰ ৮১৭ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ মাজতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জায়েৰ বোল্সনাৰোয়ে তলাবন্ধ শিথিল কৰি জিম,বিউটী পাৰ্লাৰ,আদি খুলিবলৈ অনুমতি দিয়ে ৷

১০.ইটালীত ৩ জুনৰ পৰা আৰম্ভ হ’ব আন্তৰাষ্ট্ৰীয় যাত্ৰা ৷ইয়াৰ লগে লগে ইটালীবাসীয়ে ইখন দেশৰ পৰা সিখন দেশলৈ যাত্ৰা কৰিব পাৰিব। ইটালীত ইতিমধ্যে কৰ’না ভাইৰাছে ৩১ হাজাৰ ৬১০ জন লোকৰ মৃত্যু হৈছে ৷ইয়াৰোপৰি ২ লাখ ২৩ হাজাৰ ৮৮৫ লোক সংক্ৰমিত হৈছে কৰ’না ভাইৰাছত ৷বিশ্বত কৰ’না ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত আমেৰিকা আৰু ব্ৰিটেইনৰ পিছতে ইটালীৰ স্থান ৷

১১.কৰ’না ভাইৰাছৰ আক্ৰান্তৰ ক্ষেত্ৰত পেৰুৰ স্থান দ্বাদশ(১২)৷ পেৰুত চীনতকৈ অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ এতিয়ালৈকে দেশখনত ৮৪ হাজাৰ ৪৯৫ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ২৩৯২ জন লোক ৷

১২.আনহাতে চীনত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ২১ জন ৷ইয়াৰে ১৩ জনৰ শৰীৰত কৰ’না ভাইৰাছৰ লক্ষণ আগৰে পৰা ধৰা পৰা নাছিল ৷ইফালে উহানৰ ১.১ কোটি লোকৰ পুনৰ কৰ’না ভাইৰাছৰ পৰীক্ষা কৰা হ’ব ।

১৩.দক্ষিণ কোৰিয়াত নতুনকৈ আক্ৰান্ত হৈছে ১৯ জন ৷ মুঠ আক্ৰান্ত হৈছে ১১,০৩৭ জন। ইফালে নাইট ক্লাবসমূহ খুলি দিয়া হৈছিল যদিও সম্প্ৰতি দক্ষিণ কোৰিয়াত বাৰকে আদি কৰি সকলো প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিছে প্ৰশাসনে ৷

Exit mobile version