Louisiana:✒️আমেৰিকাৰ লুইজিয়ানাত(Louisiana) ৰাজ্যত পুনৰ বন্দুকধাৰীৰ আক্ৰমণে সৃষ্টি কৰিছে আতংকৰ পৰিৱেশ। বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া বেটন ৰুজ(Baton Rouge) চহৰৰ এখন ব্যস্ত শ্বপিং মলত সংঘটিত গুলিচালনাৰ ঘটনাত অন্তত ১০ জন লোক আহত হয়।
তথ্য অনুসৰি আহতসকলৰ ভিতৰত দুজনৰ অৱস্থা গুৰুতৰ , আৰু তেওঁলোকক জৰুৰীভাৱে অস্ত্ৰোপচাৰ কৰা হৈছে।
প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা মতে, মলৰ ফুড কোৰ্টৰ ওচৰত দুটা গোটৰ মাজত আৰম্ভ হোৱা বাক-বিতণ্ডাই অচিৰেই হিংসাত্মক ৰূপ লয় আৰু পৰিস্থিতি গুলিচালনালৈ পৰিণত হয়।
এই আকস্মিক সংঘৰ্ষৰ মাজত পৰি সাধাৰণ লোকো আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ পাছতে সমগ্ৰ মলটো তৎক্ষণাত বন্ধ কৰি দিয়া হয় আৰু এলেকাটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয়।
বেটন ৰুজ আৰক্ষীৰ মুখ্য টি. জে. মৰ্ছ(TJ Morse-)এ জনোৱা মতে, আহতসকলৰ ভিতৰত ছয়জনক আৱাৰ লেডী অৱ দ্য লেক ৰিজিঅ’নেল মেডিকেল চেণ্টাৰ(Our Lady of the Lake Regional Medical Center)লৈ প্ৰেৰণ কৰা হৈছে, আনহাতে আন কেবাজনক বেটন ৰুজ জেনেৰেল মেডিকেল চেণ্টাৰ(Baton Rouge General Medical Center)ত ভৰ্তি কৰা হৈছে।
আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণকাৰীসকলৰ সন্ধানত ব্যাপক অভিযান আৰম্ভ কৰিছে।
ঘটনাটোক লৈ চহৰৰ মেয়ৰ ছিড এডৱাৰ্ডছ(Sid Edwards)এ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে আৰক্ষীৰ তৎপৰতাক প্ৰশংসা কৰে।
একে সময়তে মার্কিন সেনেটৰ বিল কেছিডি(Bill Cassidy)-এো আহতসকলৰ দ্রুত আৰোগ্য কামনা কৰি পৰিস্থিতিৰ ওপৰত ঘনিষ্ঠ দৃষ্টি ৰাখিছে বুলি জনায়।






























