মহিলাগৰাকী পাঁচ মাহৰ অন্তঃসত্ত্বা । স্বামী এপেণ্ডিক্সৰ বিষত জৰ্জৰিত । এনে এক অৱস্থাৰ মাজতে আকৌ দেশত চলি আছে তলাবন্ধ, কিন্তু তলাবন্ধ হ’লেও জৰুৰী সেৱাৰ সকলো কাম-কাজ অব্যাহত আছে পূৰ্বৰ দৰেই । ফলত অন্তঃসত্ত্বা অৱস্থাৰ মাজতেই নিজ দায়িত্ব পালন কৰি গৈছে পশ্চিমবংগৰ জয়িতা ৰায়ে । বৃত্তিত এগৰাকী নাৰ্ছ জয়িতাই কৰ্মস্থলীত উপস্থিত হ’বলৈ দৈনিক অতিক্ৰম কৰিবলগীয়া হৈছে । সুদীৰ্ঘ যাত্ৰা পথ । নিজৰ বিপৰীত অৱস্থাৰ মাজতো জয়িতাই ভাড়া কৰা গাড়ীৰে দৈনিক ৩৮ কিলোমিটাৰ পথ অতিক্ৰম কৰি কৰ্মস্থলীত উপস্থিত হৈছে । জলপাইগুৰিৰ মইনাগুৰিৰ বাসিন্দা জয়িতাই মালবজাৰ ব্লকৰ পূব ডামডিম উপ-স্বাস্থ্য কেন্দ্ৰত নাৰ্ছ হিচাপে কৰ্মৰত হৈ আছে ।
ইয়াৰ মাজতে পালন কৰা নাৰী দিৱসত জয়িতা ৰায়ে কয় যে, ‘আমাৰ বাবে প্ৰতিটো দিনেই সমান। নাৰ্ছ দিৱস বুলি আমাৰ কামৰ বিশেষ পৰিৱৰ্তন নহয় । তদুপৰি বৰ্তমান কৰ’নাৰ বাবে আমি নিৰৱচ্ছিন্নভাৱে কাম কৰি যাবলগীয়া হৈছে। এই সময়ছোৱাত আমি আমাৰ নিজৰ সমস্যাতকৈ ৰোগীৰ সেৱাত অধিক গুৰুত্ব দিব লাগিব।’ বৰ্তমান এক দুৰ্যোগপূৰ্ণ অৱস্থাৰ মাজতে কাম কৰি থকা জয়িতাই ক’বলৈ গ’লে কৰ’নাৰে সহাৱস্থান কৰিয়ে আগবঢ়াই নিছে জীৱন যুজঁ। পশ্চিমবঙ্গত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈ দুই শতাধিক লোকৰ মৃত্যু হৈছে । কিন্তু এনে অৱস্থাততো একমাত্ৰ মাস্ক আৰু হাতমোজা পৰিধান কৰিয়ে উপ-স্বাস্থ্য কেন্দ্ৰটোত কাম কৰি গৈছে জয়িতাৰ দৰে আন সকলেও।
স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক অথবা স্বাস্থ্যকৰ্মীসকলক এতিয়ালৈ পিপিই পোছাক দিয়া হোৱা নাই । চাৰিগৰাকী আশাকৰ্মীক লৈ কাম কৰি কৰি থকা জয়িতাই অন্তঃসত্ত্বা অথবা যক্ষ্মা ৰোগীসকলক চোৱাচিতা কৰিবলগীয়া হয় । মালবজাৰ ব্লকৰ স্বাস্থ্য বিষয়া প্ৰিয়াংকু জানাই কয়, ‘ক’ৰনাৰ বর্তমান পৰিস্থিতিত চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীসকলে নিজ ব্যক্তি স্বাৰ্থক একাষৰীয়া কৰিও কৰ’না সৈনিকৰ ৰূপত মানৱ সেৱাত নিজকে উছৰ্গিত কৰিবলগীয়া হৈছে । ইয়াৰ মাজতে অন্তঃসত্বা হোৱা সত্বেও জয়িতা ৰায়ে যেনেদৰে কাম কৰি আছে সেয়া স্বাভাৱিকতে সকলোৰে বাবে অনুকৰণীয় ।’
ADVERTISEMENT