দৰং জিলাৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত দুমুনিচকীৰ চামচুল হকৰ ঘৰত বি আই ই অ য়ে আজি আকস্মিক অভিযান চলাই ৩,৩০০ লিটাৰ অবৈধ ডিজেল-পেট্ৰল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বি আই ই অ’য়ে গুৱাহাটী শাখাৰ Supply Supdt. বিপুল তালুকদাৰৰ নেতৃত্বত চলা এই অভিযানত ছিপাঝাৰ ৰাজহচক্ৰ বিষয়া নন্দন নিলোৎপল ভাগৱতীৰ লগতে বিভাগটোৰ কেইবাগৰাকীও পৰিদৰ্শক আৰু বিষয়া উপস্থিত আছিল ৷ আজি এক গোপন সূত্ৰৰ পম খেদি বি আই ই অ ৰ তৰফৰপৰা চামচুল হক নামৰ অসাধু ব্যৱসায়ী গৰাকীৰ ঘৰত চলোৱা অভিযানত পানীৰ বাবে ব্যৱহাৰ কৰা ৩০০ৰ পৰা হাজাৰ লিটাৰৰ ড্ৰামত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে এই অবৈধ ডিজেল-পেট্ৰল ৷
ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দ্ৰ কলিতাৰ সৈতে অসাধু ব্যৱসায়ীগৰাকীৰ দীৰ্ঘদিনীয়া মিতিৰালি থকাৰ সুবাদতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে দীৰ্ঘদিন ধৰি এই অবৈধ ব্যৱসায় চলি অহা বুলি পূৰ্বৰে পৰা স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে ৷ পূৰ্বতে দৈনিক অগ্ৰদূতকে ধৰি কেইবাখনো আগশাৰীৰ দৈনিক কাকতত এই অবৈধ ব্যৱসায় সন্দৰ্ভত বাতৰি প্ৰকাশ হৈছিল যদিও বিষয়টোৰ প্ৰতি সম্পূৰ্ণ গাঁ এৰা মনোভাৱ প্ৰদৰ্শন কৰিছিল ছিপাঝাৰ আৰক্ষীয়ে ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ওপৰতে দীৰ্ঘদিনৰেপৰা চলি অহা এই অবৈধ ব্যৱসায় আৰক্ষীৰ কিয় দৃষ্টিগোচৰ হোৱা নাই সেই সন্দৰ্ভত ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ কলিতাক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বিষয়াগৰাকীয়ে এয়া আৰক্ষীৰ কৰ্তব্য নহয় বুলি হাস্যকৰ মন্তব্য প্ৰদান কৰে ৷ যাৰবাবে তেওঁৰ স্থিতিৰ ওপৰত থকা ৰাইজৰ সন্দেহ আৰু অধিক দৃঢ় হয় ৷
আজিৰ অভিযানত বি ই আই অ ৰ পৰিদৰ্শক নৃপেন শৰ্মা, ডি এছ পি ইন্দ্ৰজিৎ চক্ৰৱৰ্তী, এফ চি এছ এণ্ড চি এ ৰ পৰিদৰ্শক হেলিম আহমেদ, গিৰিধৰ ডেকা, স্থানীয় থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, স্থানীয় গাঁওবুঢ়া উপস্থিত থাকে ৷ আনহাতে অভিযুক্ত চামচুল হক বৰ্তমান পলাতক ৷ এইগৰাকী চামচুল হকে যোৱা ১০ মে’ত ওদালগুৰিৰ সদৰ মহকুমাধিপতিক শাৰীৰিকভাৱে অপদস্থ কৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল ৷ তদুপৰি বাতৰি যুগুতোৱা সময়ত দুমুনিচকীৰ বাবুল আলী নামৰ আন এগৰাকী অসাধু ব্যৱসায়ীৰ ঘৰতো বি ই আই অ ৰ দলটোৱে অভিযান চলায় ৷ ইপিনে বাবুল আলীৰ ঘৰত তালাচী চলাই যদিও তেনে কোনো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল । জব্দকৃত ডিজেল-পেট্ৰল খিনি ছিপাঝাৰ পুনিয়াস্থিত ইণ্ডিয়ান অইলৰ তেল ডিপুত ৰখা হৈছে ৰখা হৈছে বুলি বি আই ই অ’য়ে জনাইছে।