অ’বামাৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি ট্ৰাম্পে ক’লে “আমেৰিকাৰ সবাতোকৈ অযোগ্য ৰাষ্ট্ৰপতি আছিল’

Donald Trump 4 20 REUTERS TT

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ব্যৰ্থতাৰ বাবে কঠোৰভাৱে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিলে ট্ৰাম্পে ৷অ’বামাই ট্ৰাম্প প্ৰশাসনৰ কৰ’না প্ৰতিৰোধী ভূমিকাক সমালোচনা কৰি কৈছিল যে দেশখনৰ কোনো নেতাই দায়িত্ব পালন কৰিবলৈ সক্ষম হোৱা নাই।

ট্ৰাম্প প্ৰশাসনৰ ব্যৰ্থতাৰ ফলতে আমেৰিকাত কৰ’নাৰ সংক্ৰমণে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে বুলিও অ’বামাই অভিযোগ কৰিছে ৷ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি এনে মন্তব্যৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ট্ৰাম্পে অ’বামাক আমেৰিকাৰ ইতিহাসৰ সবাতোকৈ অযোগ্য ৰাষ্ট্ৰপতি বুলি অভিহিত কৰে৷ “আমি বহুতো বৈঠকত অংশ লৈছো৷

বিভিন্ন বিষয়ত যথেষ্ট বিকাশ সম্ভৱ হৈছে ৷এইসমূহ বিষয়ৰ ভিতৰত ভয়াৱহ মহামাৰীৰ চিকিৎসা পদ্ধতিৰ উদ্ভাৱনো অন্তৰ্ভুক্ত আছে। চাওক,তেওঁ (বাৰাক অ’বামা) এজন অযোগ্য ৰাষ্ট্ৰপতি আছিল ৷ একেবাৰে অযোগ্য ৷ মই ইমানে ক’ব বিচাৰো” ৷ ট্ৰাম্পে এইদৰে অ’বামাক কটাক্ষ কৰে ৷উল্লেখযোগ্য যে আমেৰিকাত ১,৪৮৪,৮০৪ ৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু ৮৯,৩৯৯ ৰো অধিক লোকৰ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে।

Exit mobile version