উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰি শাসক কীম জং উনৰ স্বাস্থ্যক লৈ এতিয়াও অনিশ্চয়তা বাহাল আছে। এমাহ পূৰ্বে কীম চিকিৎসাধীন হোৱা আৰু তেওঁৰ মৃত্যু হোৱা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰিত হৈছিল যদিও পিছত কীমে ৰাজহুৱা আত্মপ্ৰকাশৰ লগতে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙলৈ পত্ৰ লিখি তেওঁ জীয়াই থকাৰ প্ৰমাণ দিছিল।
কিন্তু ইয়াৰ পিছতো উত্তৰ কোৰিয়াৰ এইজন কমিউনিষ্ট শাসকৰ জীৱনক লৈ জল্পনা বিশ্বজুৰি অব্যাহত আছে। শেহতীয়াকৈ প্ৰকাশিত এক বাতৰি অনুসৰি উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়ঙৰ মেইন স্কোৱেৰত থকা কীমৰ পিতৃ আৰু ককাকৰ বৃহদাকাৰ ছবি উক্ত স্থানৰ পৰা আঁতৰোৱা হৈছে। এন কে নিউজে দাবী কৰা অনুসৰি কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা ছবিত কীমৰ পিতৃ কীম ইল চাং আৰু ককাক কীম জং ইলৰ কেবাখনো বৃহদাকাৰ বেনাৰ ৰাজধানী চহৰখনৰ পৰা আঁতৰোৱাক লৈ নতুন জল্পনাৰ সৃষ্টি হৈছে।
ব্ৰিটেইনৰ সংবাদ মাধ্যমৰ আগত ৰয় কেলী নামৰ সাংবাদিক জনে প্ৰকাশ কৰা তথ্য অনুসৰি উত্তৰ কোৰিয়াৰ শীৰ্ষ নেতাৰ মৃত্যুৰ সময়ত পূৰ্বেও এইদৰে চহৰখনত থকা কীমৰ পৰিয়ালৰ ফটোগ্ৰাফ আঁতৰ কৰা হৈছিল। পিয়ঙইয়ঙৰ পৰা কীমৰ পিতৃ আৰু ককাকৰ ফটোগ্ৰাফ আঁতৰ কৰাৰ কাৰণ উত্তৰ কোৰিয়াৰ শাসকৰ মৃত্যুও হ’ব পাৰে বুলি সাংবাদিকজনে আন্তৰ্জাতিক সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। অৱশ্যে দক্ষিণ কোৰিয়াৰ আন এক সূত্ৰই দাবী কৰা মতে, উত্তৰ কোৰিয়াৰ শাসকীয় কমিউনিষ্ট দলৰ ৭৫ সংখ্যক বৰ্ষপূতি উপলক্ষেহে এইদৰে পিয়ংইয়ঙৰ পৰা কীমৰ পিতৃপুৰুষৰ ফটোগ্ৰাফ-বেনাৰ আঁতৰ কৰা হৈছে