কৰ’না সংক্ৰমণ: সামাজিক দূৰত্ব অক্ষুন্ন ৰাখি পুতলা বন্দুকৰে ভক্তৰ ওপৰত পবিত্ৰ পানী ছটিয়ালে পাদ্ৰীয়ে

HTBZYDZLVRACXJYIC5N3546FHQ

সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখিও ধৰ্মানুষ্ঠানত ভক্তসকলক আশীৰ্বাদ প্ৰদানৰ এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আমেৰিকাৰ এজন পুৰোহিতে । পুতলা বন্দুকৰ সহায়ত পুৰোহিত জনে ভক্তৰ ওপৰত ‘পবিত্ৰ পানী’ ছটিওৱাৰ ছবি এখন ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে । এই অভিনৱ কাৰ্য কৰা হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিচিগানত । কৰ’না ভাইৰাছৰ পৰা সুৰক্ষিত থকাৰ বৰ্তমান এটাই উপায় সেয়া হৈছে সামাজিক দূৰত্ব অক্ষুণ্ণ ৰখা । ইয়াৰ প্ৰতিবিধানকল্পে বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই তলাবন্ধ ঘোষণা কৰিছে । তলাবন্ধৰ সুফলো লাভ কৰিছে বিশ্বৰ বহুকেইখন দেশে । ফলত বহু দেশত তলাবন্ধ প্ৰত্যাহাৰ কৰা হৈছে অথবা শিথিলতা প্ৰদান কৰা হৈছে । কিন্তু তলাবন্ধ প্ৰত্যাহাৰ হ’লেও ভৱিষ্যতে বহুদিনলৈ সকলোৱে সামাজিক দূৰত্বৰ নীতি অনুসৰণ কৰিব লাগিব ।

বিশেষজ্ঞসকলেও এনে পৰামৰ্শকে দিছে । শেহতীয়াকৈ মিচিগানত এই পৰামৰ্শকে মান্যতা দিলে পুৰোহিতজনে । মিচিগানৰ এটি গীৰ্জাৰ পাদ্ৰী টিম পেলকে ভক্তক আশীৰ্বাদ দিব পৰাকৈ উল্লিখিত ধৰণে নিজস্ব এক ব্যৱস্থা কৰি লৈছে । কৰ’নাৰ নেতিবাচক প্ৰভাৱত সম্প্ৰতি মন্দিৰ,মছজিদ, গীৰ্জা আদি বন্ধ কৰি দিয়া হৈছে । যিবিলাক ধৰ্মানুষ্ঠান মুকলি হৈ আছে তেনে বিলাকতো ভক্তৰ আগমন নাই বুলিব পাৰি । পাদ্ৰী পেলকে ভক্তক পুতলা বন্দুকেৰে পবিত্ৰ পানী ছটিয়াই দিয়াৰ ছবিখন যোৱা মাহৰ শেষ ভাগৰ । পাদ্ৰী পেলকে সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখিও আশীৰ্বাদ দিয়াৰ এই অনন্য পন্থাৰ ছবিখন প্ৰথমে চেণ্ট এমব্ৰোজ পেৰিছৰ ছ’চিয়েল ছাইট’ত প্ৰকাশ পায় । ইয়াৰ মাজতে ভাইৰেল হৈ পৰে ছবিখন । কোনো কোনোজনে পাদ্ৰীৰ এই বুদ্ধিদীপ্ত কৃতিক প্ৰশংসাৰে ভৰাই দিছে । বহুজনে আকৌ ছবিখনক লৈ উপলুঙা কৰাও দেখিবলৈ পোৱা গ’ল ।

একাংশই আকৌ ছবিখনক বিকৃত কৰাৰ পৰাও বিৰত নাথাকিল;  কিন্ত এই বিশেষ ছবিখনক পছন্দ কৰা লোকৰ সংখ্যাই অভিলেখৰো সৃষ্টি কৰে । মাত্ৰ ৪৮ঘণ্টাৰ ভিতৰতে ছবিখনক ৫.৬জনে পছন্দ কৰি লাইক দিয়ে । ছবিখন পুনৰ টুইট কৰা হয় লক্ষাধিক বাৰ।টিম পেলেকৰ বয়স ৭০বছৰ । পেলকে সংবাদ মাধ্যমক জনোৱা অনুসৰি ইষ্টাৰৰ সময়ত তেওঁ ভক্তক আশীৰ্বাদ দিবলৈ এই ব্যৱস্থা অৱলম্বন কৰিছিল । কৰ’না সংক্ৰমণৰ পৰা নিজৰ লগতে ভক্ত সকল সুৰক্ষিত হৈ থাকিব পৰাকৈ পুতলা বন্দুক পানী ছটিয়াবৰ বাবে ব্যৱহাৰ কৰিছিল । মুখত মাস্ক পৰিধান কৰাৰ লগতে অন্যান্য সকলো স্বাস্থ্য বিধি অনুসৰণ কৰি পাদ্ৰী পেলকে এই ব্যৱস্থা কৰিছিল । এনেদৰে আশীৰ্বাদ দিয়াটো নিৰাপদ হয় নে নহয় সেই সন্দৰ্ভত চিকিৎসকৰো পৰামৰ্শ গ্ৰহণ কৰিছিল পাদ্ৰী পেলকে । নিজৰ এই অভিনৱ চিন্তাক ভক্তসকলে আদৰি লোৱাত আনন্দ প্ৰকাশ কৰিছে পাদ্ৰী টিম পেলকে ।

Exit mobile version